অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্রী ডঃ অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে “জাগ ডেকা তেজ জাগ” শীৰ্ষকবৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক অনুষ্ঠানৰ জৰিয়তে সদ্য বিদায়ী সভাপতি কমৰুল ইছলাম চৌধুৰীৰ পৰা প্ৰদেশ যুৱ কংগ্রেছৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি নিবাস বি ভি, সম্পাদক অজয় শিকাৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল বাটিন খণ্ডকাৰ, ডাঃ আছিফ নজৰ, প্ৰীতম কৰ্মকাৰ, চৰিফা ৰহমান, কৃষ্ণা দাস, প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। এই উপলক্ষে ৰাজীৱ ভৱন চৌহদত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় সহস্ৰাধিক যুৱ কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকে ৷
সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই বক্তব্য দাঙি ধৰি কয় যে দেশৰ এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰা সমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব। দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে।
যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিবাস বি ডিয়ে কয় যে অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত নেতৃবৰ্গই অসমৰ যুৱ সমাজৰ কাষ চাপি এনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব যাতে আগন্তুক প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে সফলতা অৰ্জন কৰিব পাৰে।
নৱ-নিযুক্ত সভানেত্ৰী অংকিতা দত্তই কয় যে তেওঁৰ পিতৃ প্ৰয়াত অঞ্জন দত্তই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আলফাৰ দৰে সংগঠনৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ দলৰ আদর্শ অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছৰ দুৰ্যোগপূৰ্ণ সময়ত দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ পুনৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠনৰ প্ৰচেষ্টাত ব্ৰতী হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷
সভাত উপস্থিত থাকে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ৰেকিবুদ্দিন আহমেদ, যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়েও বক্তব্য দাঙি ধৰে।
নৱ-নিযুক্ত সভানেত্ৰী ডঃ অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰি আৰু নৱ-নিযুক্ত কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰ বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী, সমৰ্থকৰ উপৰি ছয়গাঁও, গোৱালপাৰা আৰু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু কংগ্ৰেছ কৰ্মী আজিৰ সভাত উপস্থিত থাকে।