ভাৰতত কাইলৈ উদযাপিত হ’ব এটি বিশেষ দিন। সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দক্ষিণ ভাৰতৰ বাংগালুৰুত কাইলৈ উদযাপন কৰা হ’ব এই ‘শূন্য ছাঁ দিৱস। কাইলৈ অৰ্থাৎ ১৮ আগষ্টৰ দিনটোত দক্ষিণ ভাৰতত সংঘটিত হ’ব এক অতি বিশেষ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা । বাংগালুৰুত দুপৰীয়া ১২ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত ডেৰ মিনিটৰ বাবে কোনেও দেখা নাপাব নিজৰ ছাঁ।
জানিব পৰা মতে বছৰত দুবাৰকৈ এনে পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেতিয়া সকলো বস্তুৰে ছাঁ নোহোৱা হৈ যায়।
বিজ্ঞানীসকলৰ মতে যেতিয়া সূৰ্য্য পৃথিৱীৰ মাজভাগত অৰ্থাৎ একেবাৰে ওপৰলৈ আহিব, তেতিয়া মানুহে নিজৰ ছাঁটো দেখা নাপাব। অৱশ্যে এনে নহয় যে গোটেই দিনটোৱেই ছাঁ দেখা নাযাব। বৰঞ্চ সূৰ্য্যৰ ৰশ্মি পৃথিৱীত উলম্বভাৱে পৰিলেহে ডেৰ মিনিটৰ বাবেহে সকলোৰে ছাঁ নোহোৱা হ’ব । কাৰণ সেই সময়ছোৱাত ছাঁ ভৰিৰ ঠিক তললৈ আহিলে সেই ছাঁ নেদেখা হ’ব । উল্লেখযোগ্য যে ১৩০ অক্ষাংশত অৱস্থিত সকলো ঠাইতে এনে হয়।
বিজ্ঞানীসকলৰ মতে কাইলৈ বাংগালুৰুত শূন্য ছাঁ দিৱস পালন কৰা হ’ব কাৰণ স্থানীয় সময় অনুসৰি ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত ডেৰ মিনিটৰ বাবে অন্তৰ্ধান হ’ব সকলো বস্তুৰ ছাঁ । গুৰুত্বপূৰ্ণ যে এই পৰিঘটনা কেৱল ২৩ অক্ষাংশৰ তলৰ অঞ্চলতহে দেখা যাব।
পৃথিৱীৰ ঘূৰ্ণন অক্ষ হেলনীয়া হোৱাৰ বাবেই এই বিশেষ পৰিস্থিতিৰ সৃষ্টি হয়। পৃথিৱীখন সূৰ্যৰ কক্ষপথ সমতলৰ লগত লম্ব হোৱাৰ পৰিৱৰ্তে ইয়াৰ প্ৰতি ২৩.৫ ডিগ্ৰী হেলনীয়া হোৱাৰ বাবেই প্ৰতিদিনে দূপৰীয়া সূৰ্যৰ পোহৰ উলম্ব ভাবে আমাৰ মূৰৰ ওপৰত নপৰে , কিন্তু বছৰত এপ্ৰিল আৰু আগষ্ট মাহত দুবাৰ এনে হয়। সূৰ্য্যৰ ৰশ্মি পৃথিৱীত উলম্বভাৱে পৰাৰ ফলত যিকোনো বস্তুৰ ছাঁ অন্তৰ্ধান হ’ব ।