মহানগৰবাসীৰ বাবে সুখবৰ ৷অহা ১৮ অক্টোবৰত মুকলি হ’ব আৰজি বৰুৱা ৰোডত নির্মিত উৰণসেঁতু ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিব উৰণসেঁতুখন ৷ ২৫০ কোটি ব্যয়সাপেক্ষে নির্মাণ কৰা হৈছে উৰণসেঁতুখন ৷ ২০২১ চনত উৰণ সেতুখনৰ নির্মাণকার্য আৰম্ভ হৈছিল ৷ উৰণসেঁতুখনৰ দৈর্ঘ্য হৈছে ২.৩ কিলোমিটাৰ ৷ ইতিমধ্যে মুকলিৰ বাবে উৰণসেঁতুখন মুকলিৰ বাবে প্ৰায় সাজু হৈ উঠিছে ৷ দিনে নিশাই শ্ৰমিক সকলে কামত ব্যস্ত হৈ পৰিছে ৷ তদুপৰি সজাই পৰাই তোলা হৈছে উৰণসেঁতুখন ৷ উৰণসেঁতুখনৰ দেৱালত অংকন কৰা হৈছে আকর্ষণীয় চিত্ৰশিল্প ৷ দুর্গাপূজাৰ প্ৰাকক্ষণত উৰণসেঁতুখন মুকলিয়ে পূজাৰ সময়ছোৱাত যান-জঁট হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ৷
অৱশ্যে উৰণসেঁতুখনৰ নির্মাণকার্য সম্পূর্ণ হ’লেও মহানগৰবাসীক জ্বলাকলা খুৱাই আহিছে গুৱাহাটীৰ পথসমূহে ৷ কেবল উপ-পথসমূহেই নহয়, মূল পথসমূহৰো অৱস্থা শোচনীয় ৷ এক কথাত ক’বলৈ গ’লে গুৱাহাটীত এতিয়া নাই মসৃণ পথ ৷ কোটি কোটি টকাৰে উৰণসেঁতু নির্মাণ কৰিছে যদিও চৰকাৰে মহানগৰীখনৰ পথ নির্মাণত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ওখোৰা-মোখোৰা আৰু পথৰ মাজৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতে যান-বাহনৰ চলাচলত সমস্যাৰ সৃষ্টি কৰিছে ৷ পানীৰ পাইপ বহুৱাৰ নামত খান্দি থোৱা পথসমূহ মেৰামতি নকৰাত অধিক সমস্যাৰ সন্মুখীন হোইছে বাহন চালকসকল ৷ যাৰ পৰিণতিত মহানগৰীৰ পথসমূহত দুর্ঘটনাৰ সংখ্যাও বাঢ়ি গৈছে ৷