জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগা উপস্থিত থকা অনুষ্ঠানত দলটোৰ নেতা ভানলালৰুয়াতাইও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
এই অনুষ্ঠানত এমএনএফৰ বিধায়িনী দলৰ নেতা লালচন্দামা ৰালটেকে ধৰি সকলো বিধায়কে অংশগ্ৰহণ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাউলাও তাত উপস্থিত আছিল। বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি লালডুহোমাই ৰাজ্যত চৰকাৰ গঠনৰ প্ৰস্তাৱ কৰিছিল ৷
সোমবাৰৰ বিধানসভা নিৰ্বাচনৰ পিছত জোৰাম পিপলছ মুভমেণ্টে ২৭খন আসন লাভ কৰে। ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ ক্ৰমে দুখন আৰু এখন আসন লাভ কৰে ৷
জেড পি এম মিডিয়া চেলৰ সাধাৰণ সম্পাদক এডি জোছাংলিয়ানাই জনোৱা মতে, দলটোৰ পৰামৰ্শদাতা সংস্থা ভল উপা কাউন্সিলে বুধবাৰে লালডুহোমাক সাক্ষাৎ কৰি মন্ত্ৰী পৰিষদ গঠনৰ সিদ্ধান্ত লয়। ৪০ জনীয়া বিধানসভাৰ সৈতে মিজোৰামত মুখ্যমন্ত্ৰীকে ধৰি ১২ জন মন্ত্ৰী থাকিব পাৰে।