অৱশেষত সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ ওভতিল যুৱ প্ৰজন্মৰ হার্টথ্ৰ’ব জুবিন গার্গ ৷দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয় হয় । যোৱা বুধবাৰৰ পৰা ৫ দিন ধৰি নেমকেয়াৰ হাস্পতালত জুবিন চিকিৎসাধীন হৈ আছিল । শুকুৰবাৰে আইচিইউৰ পৰা কেবিনলৈ জুবিনক স্থানান্তৰ কৰা হৈছিল ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে জুবিনক চিকিৎসা কৰি আহিছিল । বর্তমান জুবিন সম্পূর্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷ তেওঁৰ সকলো স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিয়মীয়া হোৱাত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷
আনহাতে জুবিন গাৰ্গেঘৰলৈ ওভতাৰ পূর্বে সংবাদ মাধ্যমৰ সন্মুখত কয়, “চিকিৎসকে জিৰণি ল’বলৈ পৰামর্শ দিছে যদিও মোৰ বহু কাম বাকী আছে ৷ মই কাইলৈৰ পৰাই পুনৰ কাম আৰম্ভ কৰিম ৷ এই ৫ দিন হাস্পতালত ভাল জিৰণি পালোৱেই ৷ আগতকৈ কামৰ পৰিমান মই কম কৰি দিম ৷ আগতে যদি ৬-৭ টা গান গাইছিলো , এতিয়াৰ পৰা দুটা গান গাম ৷ ওৰে নিশা কাম কৰাৰ অভ্যাস লাহে লাহে বাদ দিছো ৷ আগতে ওৰে নিশা কাম কৰিছিলো ৷ আজিকালি মই নিশা ২-৩ বজাত কাম সামৰি দিও ৷ হস্পিতালৰ আইচিইউত থকা সময়খিনি ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ চিত্ৰনাট্য লিখি আছিলোঁ।“
ইপিনে চিকাৰ ছবিৰ শ্বুটিঙৰ বাবে লণ্ডনলৈ যাব লগা কাৰ্য্যসূচী বাতিল কৰা বুলি তেওঁ সদৰী কৰে ৷ এই প্ৰসংগত তেওঁ কয় ‘মই ফেব্ৰুৱাৰীত লণ্ডনলৈ যাম। এতিয়া যিসকল অভিনেতাৰ কাম আছে তেওঁলোক গৈছে । আহিবলগীয়া সংগীতানুষ্ঠান সমূহ কৰি যাম বন্ধ নহয়। ১৯ আৰু ২৬ ডিচেম্বৰত মোৰ অনুষ্ঠান আছে ৷”
নতুন ছবি চিকাৰ অহা বর্ষৰ ছেপ্তেম্বৰ –অক্টোবৰ মাহত মুকলি কৰি দিয়া হ’ব বুলিও তেওঁ সদৰী কৰে ৷