হঠাৎ অসুস্থ হৈ পৰা অসমবাসীৰ মৰমৰ শিল্পী জুবিন গার্গৰ অনুৰাগীৰ বাবে সুখবৰ ৷ ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন ৷ আজিৰ ভিতৰতে আইচিইউৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হ’ব জুবিনক। এই কথা সদৰী কৰিছে নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই ৷
তেওঁ কয় –“ জুবিনৰ সকলোবোৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিয়মীয়া ৷ আজি পুৱাৰ আহাৰ ভালদৰে গ্ৰহণ কৰিছে ৷ অজিৰ ভিতৰত কেবিনলৈ অনা হ’ব ৷ দুই এদিনতে আমি ঘৰলৈ যাবলৈ অনুমতি দিম ৷ তেওঁ জিৰণিত থকাৰ প্ৰয়োজন ৷ কিছুদিন জিৰণিত থাকিলে ভাল হ’ব ৷ আমি তেওঁক সিজোৱা খাদ্য খাবলৈ দিছো ৷ জীৱনশৈলী অলপ সলনি কৰিব দিয়া হৈছে ৷ আইচিইউতে কালিও স্ক্ৰিপট লিখিছে , আজিও লিখি আছে ৷সুন্দৰভাৱে কথা বতৰা পাতিছে ৷জুবিনে আহিবলগীয়া চিনেমাৰ স্ক্ৰিপ্ট লিখি আছে ৷”
উল্লখ্য যে দুদিন পূর্বে হঠাৎ অসুস্থ হৈ পৰাত জুবিন গার্গক নেমকেয়াৰ হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷