মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চানে বিশ্বৰ সকলো ৰোগ নির্মূল কৰিব বিচাৰে। তেওঁলোকৰ সংস্থা চান জুকাৰবাৰ্গ ইনিচিয়েটিভ (চিজিআই) ২১০০ চনৰ ভিতৰত ‘ৰোগমুক্ত পৃথিৱী’ গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়িছে। এই লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকে এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল’ব বুলি প্ৰকাশ কৰিছে । এআই হ’ব তেওঁলোকৰ ‘ঔষধ’।
জুকাৰবাৰ্গৰ কোম্পানীয়ে এক বিবৃতিত কয় যে তেওঁলোকে এটা কম্পিউটিং চিষ্টেম নিৰ্মাণ কৰিব বিচাৰে। সেই ব্যৱস্থাৰ জৰিয়তে গৱেষকসকলে এআই ব্যৱহাৰ কৰি মানৱ কোষ বিশ্লেষণ কৰিব পাৰিব। কাৰোবাৰ যদি কোনো ৰোগ হয়, তেন্তে ইয়াৰ কোষৰ ওপৰত কি প্ৰভাৱ পৰে, কোষবোৰে কেনে আচৰণ কৰে, সেইবোৰ নিৰ্ণয় কৰিব পাৰি। সেই তথ্যৰ জৰিয়তেহে যুগান্তকাৰী আৱিষ্কাৰ সম্ভৱ হ’ব। বিজ্ঞানীসকলে মানুহৰ শৰীৰত পোৱা সকলো ৰোগ নিৰাময়, প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি দাবী কৰিছে জুকাৰবাৰ্গ দম্পতীয়ে।
এই প্ৰেক্ষাপটত জুকাৰবাৰ্গে কয়, ‘এআইয়ে জৈৱ চিকিৎসাৰ জগতখনত নতুন দিগন্ত মুকলি কৰিছে। ইয়াক ব্যৱহাৰ কৰি উচ্চমানৰ কম্পিউটিং ব্যৱস্থা সৃষ্টি কৰি চিকিৎসা বিজ্ঞানৰ কামত ব্যৱহাৰ কৰিলে শৰীৰবিজ্ঞানৰ অগ্ৰগতি অনিবাৰ্য। সেই যন্ত্ৰৰ জৰিয়তে আমাৰ শৰীৰৰ কোষবোৰে কেনেদৰে কাম কৰে সেইটো নিৰ্ণয় কৰিব পাৰি। আমি এনে ডিজিটেল মডেল নিৰ্মাণ কৰিম যিয়ে জিনমৰ পৰা সকলো কোষৰ প্ৰকাৰ আৰু কোষৰ অৱস্থাৰ ভৱিষ্যদ্বাণী কৰিব পাৰিব।”
জুকাৰবাৰ্গৰ পত্নী প্ৰিচিলাই কয়, “সংক্ৰমণত শৰীৰৰ কোষবোৰে কেনে আচৰণ কৰে, শিশু এটা বিৰল ৰোগত আক্ৰান্ত হৈ জন্ম হ’লে কোষীয় স্তৰত কি হয়, আনকি, ৰোগীৰ শৰীৰে নতুন ঔষধৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, সেই বিষয়ে এআইৰ জৰিয়তে আগতীয়াকৈ জানিব পৰা যাব । আশাকৰোঁ ই বহু সমস্যাৰ সমাধান কৰিব।“
জুকাৰবাৰ্গ পৰিয়ালে নিৰ্মাণ কৰিবলৈ ওলোৱা নতুন কম্পিউটিং ব্যৱস্থাটো অলাভজনক গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ৰাইজৰ সুবিধাৰ বাবে আগ্ৰহী দম্পতীহাল।