হলিউডৰ এক জনপ্ৰিয় নাম জেনিফাৰ ল’পেজ। গায়িকা অভিনেত্ৰী গৰাকীৰ নাম পুনৰ চৰ্চালৈ আহিছে। জেনিফাৰে পুনৰ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰে। চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ’বলৈ আগবঢ়া ৫২ বছৰ বয়সীয়া জেনিফাৰ ল’পেজৰ সিদ্ধান্তই কৌতুহলৰ সৃষ্টি কৰিছে।
বেটমেন খ্যাত ৪৯ বছৰীয়া জেন এফ্লেক্সৰ সৈতে জেনিফাৰ ল’পেজ বিবাহত বহিব। উল্লেখযোগ্য যে ২০০২ চনত জেন আৰু জেনিফাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল যদিও পিছত এই সিদ্ধান্ত সলনি কৰে। জেন এলেক্সে ২০০৫ চনত জেনিফাৰ গাৰ্ণেক বিয়া কৰায়। অৱশ্যে ২০১৮ চনত বিচ্ছেদ ঘটে।
এতিয়া পুনৰ দুয়ো বিবাহ পাশত আবদ্ধ হ’বলৈ ওলোৱাৰ বিষয়টো চৰ্চালৈ আহিছে। তেওঁৰ বিবাহ সন্দৰ্ভত জেনিফাৰ ল’পেজে কয় যে তিনিওখন বিবাহ তেওঁ মনঃপুত নহ’ল। শেষৰখন বিবাহ সুখৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে।