ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে শ্ৰীনগৰ-লেহ ঘাইপথ বন্ধ কৰিবলগীয়া হোৱাৰ বিপৰীতে শিলাবৃষ্টিৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে শ্ৰীনগৰ-জম্মু পথত। অহা শুকুৰবাৰলৈকে তুষাৰপাত আৰু বৰষুণৰ বাবে বন্ধ থাকিব পাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ-লেহ ঘাইপথ ৷
শুকুৰবাৰলৈকে জম্মু-কাশ্মীৰত বৰফ পৰাৰ লগতে বৰষুণ হৈ থাকিব বুলি আশংকা কৰা হৈছে।উল্লেখযোগ্য যে কুপৱাৰাৰ গুলমাৰ্গ আৰু মাচিলৰ স্কি ৰিজৰ্টত গোটেই নিশা বৰফ পৰাৰ বিপৰীতে কাশ্মীৰত গোটেই নিশা বৰষুণ দিয়া বুলি জানিব পৰা গৈছে ।
বতৰ বিজ্ঞানী সোণম লোটাছে জনাইছে যে অনাগত সময়ছোৱাত অঞ্চলটোত অধিক বৰষুণৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে সোমবাৰে কোনো ডাঙৰ পৰিৱৰ্তন হোৱাৰ আশা কৰা হোৱা নাই যদিও মঙলবাৰে বতৰ কিছু ডাৱৰীয়া হ’ব আৰু উচ্চ প্ৰান্তত লঘু বৰফ পৰাৰ সম্ভাৱনা আছে। কিন্তু ৯ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ চহৰখনৰ উচ্চ প্ৰান্তত ব্যাপক বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা আছে ৷আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১১ নৱেম্বৰৰ পৰা বতৰ উন্নত হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে ৷
এই সময়ছোৱাত যাত্ৰীসকলক পৰ্যাপ্ত খাদ্য সামগ্ৰী, গৰম জোতা, কাপোৰ আদি কঢ়িয়াই নিবলৈ পৰামৰ্শ দিয়া হৈছে ।