অনাগত দুটা দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতে ঠায়ে ঠায়ে পাতলীয়া বৃ্ষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষভাৱে অসম ,অৰুণাচল আৰু মেঘালয়ত এই বৃষ্টিপাতৰ মাত্ৰা কিছু বেছি হোৱাৰ সম্ভাৱনা থকাৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰো সম্ভাৱনা আছে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জানিবলৈ দিছে৷
আনহাতে অহা ১ আৰু ২ জানুৱাৰীত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা দেখা পোৱা নাই যদিও ঘন কুঁৱলীৰ আচ্ছাদন থাকিব বুলি তেওঁলোকে জনাইছে ৷