শীতৰ হাড় কঁপোৱা ঠেৰেঙা লগা জাৰৰ মাজতো নিৰ্বাচনী বতাহত গৰম হৈছে দেৱদাৰো নগৰীৰূপে খ্যাত ঐতিহাসিক কটনৰ চৌহদ।ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ গৰম বতাহত এতিয়া উদুলি-মুদুলি কটন বিশ্ববিদ্যালয়।গৰিমা মণ্ডিত উচ্চ শিক্ষানুষ্ঠান খনত নিৰ্বাচনী কাউন্ট-ডাউন আজিৰে পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হৈছে।অহা ৪জানুৱাৰীত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে বুধবাৰে দাখিল কৰে মনোনয়ন পত্ৰ।
বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাস, সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাস, ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসে পৃথকে পৃথকে নিজ-নিজ সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।মনোনয়ন পত্ৰ দাখিলৰ সময়ত ডবা, ঢোল, তালৰ শব্দত পানবজাৰ উৎসৱমুখৰ হৈ পৰে।পছন্দৰ প্ৰাৰ্থীসকলক ভোটাৰ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰাৱাস সমূহৰ পৰা দীঘলীয়া শোভাযাত্ৰা কৰি লৈ যায় মনোনয়ন দাখিল কৰিবলৈ।উল্লেখ্য যে ৫ জানুৱাৰীত ফলাফল ঘোষণা কৰা হ’ব ছাত্ৰ একতা সভা নিৰ্বাচনৰ।এইবাৰ মুঠ ১৬টা পদৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন।
গুৰুত্বপূৰ্ণ কথা ক’ৰনাৰ বাবে যোৱা দুটা বৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল বিশ্ববিদ্যালয়খনত।
এইবাৰৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহ:সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদক পদত মুঠ তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।মুঠ ১৬টা বিভাগৰ বাবে ৪৬গৰাকীৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে অন্তিম দিনা।
আনহাতে, প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ সময় বৃহস্পতিবাৰৰ দিনৰ ১২বজা।