বুধবাৰে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত দিল্লীত কমেও সাতখন বিমান ৰদ কৰিবলৈ বাধ্য হয় প্ৰশাসন ৷ আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত অচল হৈ পৰে চহৰখনৰ যাতায়ত ব্যৱস্থাও ।
যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন ঠাইত ১০ মিমিৰ পৰা ৫০ মিমি লৈকে অহা বৰষুণৰ পিছত আজি ৰাজস্থানৰ কেইবাখনো জিলাৰ বাবে হালধীয়া সতৰ্কতাবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।ৰাজ্যখনৰ আলৱাৰ, ভৰতপুৰ, দৌচা, ঢোলপুৰ, কাৰাউলি, বিকানেৰ আৰু হনুমানগড়ৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী ।
আনহাতে বুধবাৰে মাউণ্ট আবু তহচিলে পুষ্কৰত বৰষুণৰ পৰিমাণ আছিল ১৫০ মিমি, পুষ্কৰত ১০০ মিমি, কোটা আৰু ধাম্বোলাত ৯০ মিমি, চাৰৱাৰ আৰু উদয়পুৰৱতীত ৮০ মিমি, ৰেলমাগ্ৰা আৰু খেত্ৰীত ৭০ মিমি আৰু চিকলি, মাওলি, আচিন্দ, জিওলা আৰু ৰেওদাৰত ৩০ মিমি । বুধবাৰে ৰাজ্যখনৰ জয়পুৰ আৰু ভৰতপুৰ অঞ্চলো বৰষুণে প্লাবিত কৰিছিল ।
দেশৰ আন এখন ৰাজ্য গুজৰাটৰ বিভিন্ন ঠাইতো ধাৰাসাৰ তথা নেৰানেপেৰা বৰষুণে সাধাৰণ লোকৰ জীৱন যাত্ৰা স্থবিৰ কৰি তুলিছে। ৰাজ্যখনৰ দ ঠাইত থকা হাজাৰ হাজাৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ ইতিমধ্যে স্নানান্তৰিত কৰা হৈছে। ৰাজ্যখনৰ তাপী জিলাৰ তাপী নদীৰ পাৰত নিৰ্মিত উকাই বান্ধৰ পৰা বৃহৎ পৰিমাণৰ পানী নিষ্কাশন কৰা হৈছিল।
আনহাতে বৰষুণ আৰু বানপানীৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে তেলেংগানাও। গোদাৱৰী নদীৰ পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত আৰু আজি ধাৰাসাৰ বৰষুণত ভদ্ৰাচলমত তৃতীয় সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অহা ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ৰাজ্যখনত হোৱা লোকচানৰ বিষয়ে কেন্দ্ৰলৈ ইতিমধ্যে এক প্ৰতিবেদন প্ৰেৰণ কৰিছে আৰু বান সাহাৰ্য্যৰ বাবে তাৎক্ষণিক সহায় হিচাপে ১,০০০ কোটি টকাৰ অনুদান আগবঢ়াবলৈ অনুৰোধ জনাইছে।
কালি দিল্লীত হোৱা ধাৰাসাৰ বৰষুণৰ পিছতেই বতৰ বিজ্ঞান বিভাগে অহা তিনি দিনত ৰাষ্ট্ৰীয় ৰাজধানীত ডাৱৰীয়া আকাশ, মধ্যমীয়া বৰষুণ বা বজ্ৰপাতৰ ভৱিষ্যতবাণী কৰিছে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি উত্তৰ-পশ্চিম ভাৰতত দুই-তিনি দিনৰ বাবে “বৰ্ধিত বৰষুণৰ কাৰ্যকলাপ”ৰ আশংকা কৰা হৈছে।
বিভাগটোৰ মতে, ২১ জুলাইত পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশত আৰু ২১ৰ পৰা ২৩ জুলাইলৈ উত্তৰাখণ্ডত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২১ জুলাই অৰ্থাৎ আজি উৰিষ্যা, বিহাৰ আৰু উপ-হিমালয় পশ্চিম বংগ আৰু ছিকিমত আৰু ২৩ জুলাইত ঝাৰখণ্ডত নেৰানেপেৰাকৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ২২ৰ পৰা ২৪ জুলাইৰ ভিতৰত উৰিষ্যাতো নেৰানেপেৰাকৈ অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।