উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অভিনৱ প্ৰচাৰেৰে চমক দিবলৈ আৰম্ভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী(আপ)-এ ৷ পাঞ্জাৱত ৰাইজৰ ভোটেৰে মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী ঘোষণা কৰাৰ পাছত এইবাৰ কেজৰিৱালে মুকলি কৰিছে ‘এক মৌকা কেজৰিৱাল কো ’ শীর্ষক আন এক প্ৰচাৰ অভিযান ৷ এই অভিযানৰ অধীনত দিল্লীৰ লোকসকলক আপ চৰকাৰে কৰা ভাল কামসমূহৰ ডিজিটেল প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ছচিয়েল মিডিয়াযোগে তেওঁলোকৰ ভাল কামসমূহৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে কেজৰিৱালে ৷ এইদৰে কৰা প্ৰচাৰৰ ক্ষেত্ৰত ছছিয়েল মিডিয়াত সবাতোকৈ ভাইৰেল হোৱা ৫০ টা ভিডিঅ’ বনোৱা লোকৰ সৈতে নৈশ আহাৰ গ্ৰহন কৰিব কেজৰিৱালে ৷ আজি “এক মৌকা কেজৰিৱাল কো” অভিযান মুকলি কৰি তেওঁ কয় “দিল্লী চৰকাৰৰ ভাল কামৰ বিষয়ে টুইটাৰ, ইনষ্টাগ্ৰাম ফেচবুকত আপুনি ভিডিঅ’ আপলোড কৰক আৰু ইয়াৰ পৰা কেনেদৰে লাভান্বিত হৈছে সেয়া লোকসকলক অৱগত কৰক । “
কেজৰিৱালে লগতে কয় যে তেওঁৰ চৰকাৰে দিল্লীত বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰাৰ দৰে কেইবাটাও ভাল কাম কৰিছে।তেওঁ কয়,”ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিয়ে দিল্লীত চলি থকা মহল্লা ক্লিনিকসমূহ চাবলৈ আহিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে ইয়াত বিদ্যালয় পৰিদৰ্শন কৰিছিল। দিল্লীয়ে এতিয়া ২৪ ঘণ্টা বিদ্যুৎ লাভ কৰিছে। এই সকলোবোৰ সম্ভৱ হৈছিল কাৰণ দিল্লীৰ ৰাইজে আমাক এটা সুযোগ দিছিল,” ৷ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলেটোৱে পঞ্জাৱ, উত্তৰ প্ৰদেশ, গোৱা আৰু উত্তৰাখণ্ডত নিজৰ ৰাজনৈতিক ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিব বিচাৰিছে।পঞ্জাৱত আম আদমী পাৰ্টি হৈছে শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে মুখ্য প্ৰতিদ্বন্দী। দলটোৱে ইয়াৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানক ধুৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।তদুপৰি উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আপে ৷ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব।আপে দুৰ্নীতি আৰু নিবনুৱা সমস্যাকে গোৱাত ইয়াৰ প্ৰচাৰৰ মূল বিষয় হিচাপে ব্যৱহাৰ কৰাৰ লগতে ৪০ খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছে।