মহিলা এছিয়ান কাপ ফুটবল টুর্ণামেন্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ভাৰতে ৷ ভাৰতীয় দলটোৰ একাধিক সদস্য ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে গ্ৰহন কৰা হৈছে এই সিদ্ধান্ত ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৰ পৰৱর্তী আটাইকেউখন মেচ বাতিল কৰা হৈছে ৷ প্ৰাপ্ত তথ্য় অনুসৰি গ’লকীপাৰকে ধৰি প্ৰায় ১২ জন খেলুৱৈ আক্ৰান্ত হৈছে ক’ভিডত ৷ টাইপেৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ বাবে প্ৰস্তুতি সম্পূর্ণ কৰাত ব্যর্থ হোৱাৰ লগতে দল গঠনত সমস্যাৰ সন্মুখীন হয় ভাৰত ৷ কিয়নো দলটোৰ অধিকাংশ সদস্য়ই আক্ৰান্ত হৈছে ক’ভিডত ৷
প্ৰতিযোগিতা নিয়মাৱলীৰ অনুচ্ছেদ ৬.৫.৫ প্ৰয়োগ কৰি,ভাৰতৰ সকলো মেচ বাতিল কৰা হয় ৷ তদুপৰি অনুচ্ছেদ ৭.৩ অনুসৰি গোটত চূড়ান্ত ৰেংকিং নিৰ্ধাৰণ কৰোঁতে সেই মেচসমুহৰ কোনো পইণ্ট বিবেচনা কৰা নহ’ব।