এইবাৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটক নতুন ৰূপত দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমী সকলে। গংগুবাই কাঠিয়াবাৰী নামৰ এখন ভিন্ন স্বাদৰ চলচ্চিত্ৰত আলিয়াৰ ভাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰিছে শক্তিশালী বলিউড অভিনেতা অজয় দেৱগনে।
বলিউডৰ সফল পৰিচালক চঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখন ২৫ফ্ৰেব্ৰুৱাৰীত মুক্তি পাব আৰু ছবিখন উপলব্ধ হ’ব ছবিগৃহসমূহত।
ভাঞ্চালী প্ৰডাকছনৰ ইণ্ষ্টাগ্ৰাম অফিচিয়েল পে’জত এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।
এছ হুছেইন জে দিৰ ‘মাফিয়া কুইন অৱ মুম্বাই’ গ্ৰন্থৰ আধাৰত সৃষ্টি কৰা হৈছে ‘গংগুবাই কাঠিয়াবাৰী’ নামৰ ভিন্ন স্বাদৰ চলচ্চিত্ৰখন।
যাৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই আছে চলচ্চিত্ৰ অনুৰাগী সকলে। কৰ’ণাৰ ভয়াবহ পৰিস্থিতিৰ বাবে ২০২১বৰ্ষৰ মাৰ্চত মুক্তি পাব লগীয়া গংগুবাই কাঠিয়াবাৰীয়ে অৱশেষত মুক্তি লাভ কৰিব ২০২২বৰ্ষৰ ২৫ফেব্ৰুৱাৰী তাৰিখে।