“অলিম্পিজম হৈছে জীৱনৰ এক দৰ্শন। সম্পূৰ্ণ সন্তুলিত শৰীৰ, ইচ্ছা আৰু মনৰ গুণাগুণবোৰ উৰ্ধমুখী আৰু একত্ৰিত কৰাৰ প্ৰয়াস। সংস্কৃতি, শিক্ষা আৰু ক্ৰীড়াৰ সংমিশ্ৰণেৰে অলিম্পিয়ানে জীৱনৰ এক অৰ্থ সৃষ্টি কৰিব বিচাৰে”- (অলিম্পিক চাৰ্টাৰ – মৌলিক নীতি ১)
শৰীৰৰ লগতে মনৰ বিকাশক প্ৰাধান্য দি প্ৰথম চাৰি দশকৰ প্ৰতিযোগিতাত অলিম্পিকে এথলেটিকৰ লগতে চিত্ৰাংকন, ভাস্কৰ্য, স্থাপত্য, সাহিত্য আৰু সংগীতৰ বাবে চৰকাৰী পদক প্ৰদান কৰিছিল। ১৯১২ চনৰ পৰা ১৯৫২ চনলৈ, জুৰিসকলে এথলেটিক প্ৰচেষ্টাৰ দ্বাৰা অনুপ্ৰাণিত সূক্ষ্ম কলাৰ মূল কামবোৰক মুঠ ১৫১ টা পদক প্ৰদান কৰিছিল। এতিয়া হয়তো অলিম্পিকৰ অন্ধ অনুৰাগী সকলেও এই কথা বিতংভাৱে নাজানে যে এথলেটিকছৰ সৈতে কলা এসময়ত আধুনিক গেমছৰ এটা অবিচ্ছেদ্য অংগ আছিল।
“দ্য ফৰগটেন অলিম্পিক আৰ্ট কম্পিটিচন”ৰ লেখক ৰিচাৰ্ড ষ্টেণ্টনে কৈছিল- “মই এই বিষয়ে কওতে প্ৰথমে সকলো আচৰিত হৈছিল। ইতিহাসৰ এখন কিতাপত মই অলিম্পিক কলা প্ৰতিযোগিতাৰ বিষয়ে অলপ মন্তব্য পাইছিলো”।
উক্ত বিষয়টোৱে তেঁওক কৌতূহলী কৰি তোলে। বিভিন্ন সূত্ৰ অধ্যয়ন কৰি ষ্টেণ্টনে এই বিষয়ক প্ৰথমখন কিতাপ লিখে আৰু এতিয়াও এইখনেই এই বিষয়ত প্ৰকাশিত একমাত্ৰ ইংৰাজী ভাষাৰ কিতাপ।
ইতিমধ্যে উপেক্ষিত হৈ পৰা বিষয়টোৰ বিষয়ে জানিবলৈ ষ্টেণ্টনে চুইজাৰলেণ্ডৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ আৰ্কাইভৰ পৰা প্ৰায় বহু দশকৰ আগতেই টোপোলা বান্ধি থোৱা অপাঠ্য ফাইলৰ বাকচবোৰ খান্দিব লগা হৈছিল। তেঁও আৱিষ্কাৰ কৰিছিল যে কাহিনীটো আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আধুনিক অলিম্পিকৰ প্ৰতিষ্ঠাপক বেৰন পিয়েৰ ডি কুবেৰ্টিনৰ লগত একাত্ম। যি জনে কলা প্ৰতিযোগিতাক অলিম্পিকৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰিছিল।
এজন প্ৰকৃত অলিম্পিয়ানৰ অৰ্থৰ ধাৰণাটোত তেঁও বিশেষভাৱে প্ৰভাৱিত হৈছিল। যি কেৱল এথলেটিক নহয় সংগীত আৰু সাহিত্য কলাতো দক্ষ হ’ব লাগিব। তেঁও অনুভৱ কৰিছিল যে আধুনিক জীৱনৰ সৰ্বপ্ৰকাৰৰ উন্নয়নৰ বাবে খেলৰ লগত কলাৰ কিছুমান দিশ অন্তৰ্ভুক্ত নকৰিলে অসম্পূৰ্ণ হ’ব।
শতিকাৰ আৰম্ভণিতে যেতিয়া বেৰনে আধুনিক অলিম্পিক গঢ়িবলৈ সংগ্ৰাম কৰিছিল, তেওঁ এথেন্স, ছেইণ্ট লুইচ আৰু পেৰিছত অনুষ্ঠিত প্ৰথম কেইখনমান খেলৰ অতিৰিক্ত স্থানীয় আয়োজকসকলক বুজাব পৰা নাছিল যে কলা প্ৰতিযোগিতাও অত্যন্ত প্ৰয়োজনীয়। কিন্তু বেৰেন নিজৰ মতত অটল হৈ থাকিল।
অৱশেষত ১৯১২ চনৰ ষ্টকহম গেমছৰ সময়ত তেঁও কলাৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু স্থাপত্য, সংগীত, চিত্ৰাংকন, ভাস্কৰ্য আৰু সাহিত্যৰ শ্ৰেণীবোৰত এক সতৰ্কবাণী আৰোপ কৰা হৈছিল যে প্ৰতিটো কাম ক্ৰীড়াৰ ধাৰণাৰ দ্বাৰা কোনোবা নহয় কোনোবা প্ৰকাৰে অনুপ্ৰাণিত হ’ব লাগিব। প্ৰায় ৩৩ জন (বেছিভাগ ইউৰোপীয়) শিল্পীয়ে সেইবাৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু বিজয়ীসকলৰ বাবে প্ৰতিটো শ্ৰেণীত এটা সোণৰ পদক প্ৰদান কৰা হৈছিল।
১৯১২ চনত ষ্টকহোমত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত আমেৰিকান ৱাল্টাৰ ৱিনান্সে মঞ্চলৈ গৈ জনতাৰ ওচৰত গৌৰৱেৰে হাত জোকাৰিছিল। তেওঁ ইতিমধ্যে দুটা অলিম্পিক পদক জিকিছিল ১৯০৮ চনৰ লণ্ডন গেমছত তীক্ষ্ণ শ্বুটিঙৰ বাবে এটা সোণ, লগতে ১৯১২ চনত একে প্ৰতিযোগিতাৰ বাবে ৰূপৰ পদক। কিন্তু ষ্টকহোমত তেওঁ জিকা সোণৰ পদক শ্বুটিং বা দৌৰা বা বিশেষকৈ এথলেটিকৰ লগত জড়িত কোনো বিষয়ৰ বাবে নাছিল। ইয়াৰ পৰিৱৰ্তে তেঁও সেই বছৰৰ আৰম্ভণিতে নিৰ্মাণ কৰা ব্ৰঞ্জৰ এটা সৰু টুকুৰাৰ বাবে পুৰস্কৃত কৰা হৈছিল। এটা ২০ ইঞ্চি ওখ ঘোঁৰাই এটা সৰু ৰথ টানি নিয়া ভাস্কৰ্যটোৰ বাবে ট্ৰোটাৰ ৱিনান্সে ভাস্কৰ্য প্ৰতিযোগিতাত প্ৰথম অলিম্পিক স্বৰ্ণ পদক জয় কৰিছিল।
ৱিনান্সৰ ৰথৰ উপৰিও অন্যান্য বিজয়ীসকলৰ ভিতৰত আছিল এক আধুনিক ষ্টেডিয়াম নিৰ্মাণ পৰিকল্পনা (স্থাপত্য), এটা “অলিম্পিক ট্ৰায়াম্ফাল মাৰ্চ” (সংগীত), শীতকালীন ক্ৰীড়া (চিত্ৰকলা) আৰু ওড টু স্পোৰ্ট (সাহিত্য)। কুবাৰ্টিন নিজেই বিজয়ীসকলৰ মাজত আছিল। প্ৰতিযোগিতাবোৰত পৰ্যাপ্ত প্ৰৱেশকাৰী নাথাকিব বুলি ভয় কৰি তেঁও জৰ্জ হোৰড আৰু মাৰ্টিন এম এছ বখ ছদ্মনামেৰে “অ’ড টু স্প’ৰ্ট” নামৰ কবিতা লিখিছিল। যায বাবে কবিয়ে লাভ কৰিছিল স্বৰ্ণপদক।
পৰৱৰ্তী কেইটামান দশকত অলিম্পিক প্ৰথম শ্ৰেণীৰ আন্তৰ্জাতিক প্ৰতিযোগিতালৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে সূক্ষ্ম কলা প্ৰতিযোগিতাবোৰ এক উপেক্ষিত বিষয় হৈ থাকিল। ক্ৰীড়া-অনুপ্ৰেৰিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বহুতো চিত্ৰ আৰু ভাস্কৰ্যত আছিল কুস্তি বা বক্সিং খেলৰ নাটকীয় চিত্ৰ। বেছিভাগ স্থাপত্য পৰিকল্পনা ষ্টেডিয়াম আৰু ক্ষেত্ৰৰ বাবে আছিল।
প্ৰতিযোগিতাবোৰৰ বিন্যাস অসামঞ্জস্যপূৰ্ণ আৰু মাজে মাজে বিশৃংখল আছিল। এটা শ্ৰেণীয়ে ৰূপৰ পদক লাভ কৰিব পাৰে, কিন্তু কোনো সোণ নাই, বা কেতিয়াবা কোনো পদক প্ৰদান নকৰাকৈ ৰৈ গৈছিল। ১৯২৮ চনৰ আমষ্টাৰডাম গেমছত সাহিত্য শ্ৰেণীটো গীত, নাটকীয় আৰু মহাকাব্যিক উপশ্ৰেণীত বিভক্ত কৰা হৈছিল। তাৰ পিছত ১৯৩২ চনত বাবে এক হিচাপে পুনৰ একত্ৰিত কৰা হৈছিল আৰু তাৰ পিছত ১৯৩৬ চনত পুনৰ বিভক্ত কৰা হৈছিল।
এনে খেলিমেলিৰ বাবে বহুতো কলা জগতৰ ভিতৰুৱা লোকে প্ৰতিযোগিতাবোৰক অবিশ্বাসৰ সৈতে চাইছিল। ষ্টেণ্টনে কয়, “কিছুমান লোক এই বিষয়ে উৎসাহী আছিল, কিন্তু কেইজনমান নিৰুৎসাহীআছিল।” তেওঁলোকে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা নাছিল, কিয়নো ই তেওঁলোকৰ নিজৰ খ্যাতি ক্ষতিগ্ৰস্ত কৰিব পাৰে। শিল্পী, সংগীতজ্ঞ বা লেখকৰ সলনি কলা জগতৰ বাহিৰৰ লোকসকলে অনুষ্ঠানবোৰ আৰম্ভ কৰিছিল। আৰু সকলো বিষয় ক্ৰীড়ানিৰ্ভৰ হোৱাতো বাধ্যতামূলক বাবে প্ৰতিযোগিতাবোৰৰ মান নিৰ্ণয় কৰিবলৈ বহুতো বিশিষ্ট প্ৰৱেশকাৰীয়ে সুবিধা পোৱা নাছিল বা কলাৰ প্ৰকৃত ধাৰণা গঢ়ি নুঠিব বুলি আগ্ৰহ প্ৰকাশ কৰা নাছিল।
তথাপিও স্থানীয় দৰ্শকসকলে এই শিল্পকৰ্মবোৰ উপভোগ কৰিছিল। ১৯৩২ চনৰ খেলৰ সময়ত প্ৰায় ৪,০০,০০০ লোকে লছ এঞ্জেলছ ৰ ইতিহাস, বিজ্ঞান আৰু কলা সংগ্ৰহালয়লৈ গৈ কামবোৰ লক্ষ্য কৰা দেখা গৈছিল। কিছুমান বিখ্যাত নামে প্ৰতিযোগিতাৰ শোভা বঢ়াইছিল। জেফাৰচন মেম’ৰিয়েলৰ স্থপতি জন ৰাছেল পোপে ১৯৩২ চনৰ লছ এঞ্জেলছ গেমছত য়েল বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা পেইন হুইটনি জিমনেছিয়ামৰ ডিজাইনৰ বাবে ৰূপৰ পদক লাভ কৰে। ইটালীৰ ভাস্কৰ্যশিল্পী ৰেমব্ৰেণ্ড বুগাটি, আমেৰিকান ইলাষ্ট্ৰেটৰ পাৰ্চি ক্ৰছবি, আইৰিছ লেখক অলিভাৰ ছেইণ্ট জন গোগাৰ্টি আৰু ডাচ্চ চিত্ৰশিল্পী আইজাক ইজৰিলছ অন্যান্য বিশিষ্ট প্ৰৱেশকাৰী আছিল।
১৯৪০ আৰু ১৯৪৪ চনত অলিম্পিক স্থগিত ৰখা হয় কিয়নো প্ৰায় সকলো অংশগ্ৰহণকাৰী দেশ দ্বিতীয় বিশ্বযুদ্ধৰ হিংসা আৰু ধ্বংসত লিপ্ত হৈছিল। অলিম্পিক উভতি আহি কলা প্ৰতিযোগিতাৰ বাবে এক ডাঙৰ সমস্যাৰ সন্মুখীন হয়। আইঅ’চিৰ নতুন সভাপতিৰ অপেশাদাৰীত্বৰ প্ৰতি পৰম আসক্তি আছিল। ষ্টেণ্টনে কয়, “আমেৰিকাৰ এভেৰী ব্ৰুণ্ডেজ আইঅ’চিৰ সভাপতি হৈছিল, আৰু তেওঁ অপেছাদাৰী এথলেটিকছৰ এজন কঠোৰ সমৰ্থক আছিল।” “তেওঁ বিচাৰিছিল যে অলিম্পিক সম্পূৰ্ণৰূপে শুদ্ধ হওক, ধনৰ ওজনৰ দ্বাৰা প্ৰভাৱিত নহওক।” কিয়নো শিল্পীসকলে তেওঁলোকৰ জীৱিকাৰ বাবে কাম বিক্ৰী কৰাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু অলিম্পিক পদক জিকিলে তাত্ত্বিকভাৱে এয়া এক প্ৰকাৰৰ বিজ্ঞাপন হৈ পৰিব পাৰে।
এজন শিল্পীৰ কামৰ মানদণ্ডৰ বাবে বিজ্ঞাপন! ব্ৰুণ্ডেজে কলা প্ৰতিযোগিতাবোৰক লক্ষ্য কৰি লৈছিল। তেঁওৰ মতে ই পেছাদাৰীত্বৰ এক অবাঞ্ছিত অনুপ্ৰৱেশক প্ৰতিনিধিত্ব কৰিছিল। ব্ৰুণ্ডেজে নিজে এবাৰ ১৯৩২ চনৰ প্ৰতিযোগিতাত সাহিত্যৰ এটা অংশত প্ৰৱেশ কৰি আৰু সন্মানীয় উল্লেখ অৰ্জন কৰিছিল। কিন্তু তেঁও ১৯৪৮ চনৰ খেলৰ পিছত কলাৰ বিৰুদ্ধে এক অভিযানৰ তীব্ৰ নেতৃত্ব দিছিল।
তীব্ৰ বিতৰ্কৰ পিছত অৱশেষত সিদ্ধান্ত লোৱা হৈছিল যে কলা প্ৰতিযোগিতাবোৰ বাতিল কৰা হ’ব। তাৰ ঠাইত খেলৰ সময়ত অনুষ্ঠিত হ’বলগীয়া এক অপ্ৰতিযোগিতামূলক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। যি অৱশেষত সাংস্কৃতিক অলিম্পিয়াড হিচাপে পৰিচিত হয়। ব্ৰিটেইনৰ জন কপলিয়ে তেওঁৰ খোদাই কৰা পোলো প্লেয়াৰ্ছৰ বাবে ১৯৪৮ চনত ৰূপৰ পদক জিকিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। বৰ্তমানেও জন অলিম্পিক ইতিহাসৰ আটাইতকৈ বয়সীয়াল পদক বিজয়ী ৰূপে পৰিচিত।
আধা শতিকাৰ পিছতো কলা প্ৰতিযোগিতাৰ আঁৰৰ ধাৰণাটো স্থিৰ হৈ আছে। ২০০৪ চনৰ পৰা আইঅ’চিয়ে প্ৰতিটো গ্ৰীষ্মকালীন প্ৰতিযোগিতাত এক আনুষ্ঠানিক ক্ৰীড়া আৰু কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ২০১২ চনৰ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশকাৰীসকলে “ক্ৰীড়া আৰু উৎকৃষ্টতা, বন্ধুত্ব আৰু সন্মানৰ অলিম্পিক মূল্যবোধ” বিষয়বস্তুৰ ওপৰত ভাস্কৰ্য আৰু গ্ৰাফিক কাম প্ৰেৰণ কৰিছিল। যদিও কোনো পদক দিয়া হোৱা নাছিল তথাপি বিজয়ীসকলে নগদ পুৰস্কাৰ লাভ কৰিছিল। আৰু ইয়াৰ সৰ্বশ্ৰেষ্ঠ কামবোৰ খেলৰ সময়ত লণ্ডনত প্ৰদৰ্শিত হৈছিল। বেৰন পিয়েৰ ডি কুবেৰ্টিনৰ আশাৰ কিছু অংশই ইয়াত যেন মান্যতা লাভ কৰিছে!