বহু প্ৰত্যাশিত এছ এছ ৰাজামৌলী পৰিচালিত আৰআৰআৰ এই বছৰৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত পৰ্দাত মুক্তি পোৱাৰ কথা আছিল। অৱশ্যে, কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে ৰাম চৰণ, এনটিআৰ জুনিয়ৰ, আলিয়া ভাট আৰু অজয় দেৱগন অভিনীত ছবিখনৰ মুক্তি নিৰ্মাতাসকলে পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। কেইদিনমান আগতে নিৰ্মাতাসকলে ঘোষণা কৰিছিল যে ছবিখন ১৮ মাৰ্চ বা ২৯ এপ্ৰিলত মুক্তি দিয়া হ’ব। অৱশ্যে, তেওঁলোকে এতিয়া ২০২২বৰ্ষৰ ২৫ মাৰ্চত ছবিখন মুক্তি দিয়াৰ চূড়ান্ত সিদ্ধান্ত লৈছে।সোমবাৰে, নিৰ্মাতাসকলে টুইটাৰযোগে “RRR on March 25th, 2022…Finalised” বুলি জানিবলৈ দিয়ে ৷
‘আৰ.আৰ.আৰ’ হৈছে দুগৰাকী কিংবদন্তি বিপ্লৱীৰ এক আকৰ্ষণীয় কাহিনী ৷ ঘৰৰ পৰা বহু দূৰত তেওঁলোকৰ এই যাত্ৰা। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকে ১৯২০ৰ দশকত ব্ৰিটিছ ঔপনিৱেশিকসকলৰ বিৰুদ্ধে পুনৰ যুঁজ আৰম্ভ কৰিবলৈ ঘৰলৈ উভতি আহে।