আগন্তুক পাঞ্জাৱ বিধানসভা নির্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰার্থী কোন হ’ব তাক লৈ চলি অহা বিতর্কৰ অৱশেষত অৱসান ঘটিল ৷ বিশেষকৈ প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদধু নে চৰণজিৎ সিং চান্নী মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী হ’ব তাক লৈ ৰাজ্যখনৰ ভোটাৰৰ মাজত উৎকণ্ঠাৰ সৃ্ষ্টি হৈছিল ৷ এই উৎকন্ঠাৰ অৱসান ঘটাই কংগ্ৰেছে অৱশেষত চৰণজিৎ সিং চান্নীকে মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী হিচাপে ঘোষণা কৰে ৷ যোৱা ৬ ফেব্ৰুৱাৰীত লুধিয়ানাত এক ভাৰ্চুৱেল ৰেলীত ৰাহুল গান্ধীয়ে এই ঘোষণা কৰে ৷ এই ঘোষণা কৰি তেওঁ কয় “মই আপোনালোকক জনাব বিচাৰিছো যে মই মুখ্যমন্ত্ৰীৰ নাম নির্ধাৰণ কৰা নাই। মই ৰাইজ , প্ৰাৰ্থী, শ্ৰমিক, যুৱ প্ৰজন্ম আৰু কৰ্মী সকলক সুধিছো ৷“
১১৭ খন আসনৰ পঞ্জাৱ বিধানসভা নির্বাচনৰ ভোটগ্ৰহণ ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷ নির্বাচনী ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব। ভার্চুৱেল প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি গান্ধীয়ে কয় “পাঞ্জাৱৰ মানুহে কৈছিল- আমাক এটা দৰিদ্ৰ পৰিয়ালৰ এজন মুখ্যমন্ত্ৰীৰ প্ৰয়োজন ৷ ৰাইজে কৈছিল যে তেওঁলোকে এনে এজন ব্যক্তি বিচাৰে যিজনে সমস্যাসমূহ বুজি পায়। এইটো এটা কঠিন সিদ্ধান্ত আছিল ৷ কিন্তু আপোনালোকে মোৰ বাবে এইটো সহজ কৰি তুলিছিল। পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে চৰণজিৎ সিং চান্নী ৷”
এনফর্চমেণ্ট সঞ্চালকালয়ে (ইডি) চৰণজিৎ সিং চান্নীৰ ভতিজা ভূপিন্দৰ সিং হনিক ধন অবৈধ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ কেইদিনমান পিছত এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে। যাৰ বাবে চান্নীক আক্ৰমনৰ লক্ষ্য কৰি লৈছিল বিৰোধী দলসমুহে ৷