সকলোৰে মতামত লৈ চৰকাৰ চলাব বুলি আজি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোমবাৰৰ পৰা আৰম্ভ হ’ল অষ্টাদশ লোকসভা। পুৱা ১১ বজাত প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। তাৰ আগতে সংবাদমাধ্যমক সম্বোধন কৰে মোদীয়ে। তেওঁ কয় যে নতুন বিশ্বাস আৰু নতুন উৎসাহেৰে অধিৱেশনৰ কাম আৰম্ভ হ’ব। তেওঁৰ চৰকাৰে সহমতৰ ভিত্তিত কাম কৰিব।
সোমবাৰে লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰে মোদীয়ে। তেওঁৰ কেবিনেট সদস্যসকলেও এজন এজনকৈ শপত গ্ৰহণ কৰে। শপতগ্ৰহণৰ তদাৰক কৰে অধ্যক্ষ প্ৰটেম ভতৃহৰী মেহতাবে। পুৱা ৰাষ্ট্ৰপতি ভৱনলৈ গৈ প্ৰটেম অধ্যক্ষ হিচাপে তেওঁ শপত গ্ৰহণ কৰে। মঙলবাৰলৈকে অনুষ্ঠিত হ’ব লোকসভাত সাংসদসকলৰ শপতগ্ৰহণ। ২ বা ৩ জুলাইত লোকসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে মোদীয়ে।
ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হয় লোকসভাৰ প্ৰথম অধিৱেশন। প্ৰটেম অধ্যক্ষই মোদীক লোকসভাৰ নেতা হিচাপে ঘোষণা কৰে। ৱায়নাৰৰ সাংসদ পদৰ পৰা ৰাহুল গান্ধীৰ পদত্যাগ তেওঁ গ্ৰহণ কৰে ৷উল্লেখ্য যে শেহতীয়া লোকসভা নির্বাচনৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন ৷ নীট-নেট পৰীক্ষাত হোৱা অনিয়মক লৈ সংসদৰ মজিয়াত বিৰোধীয়ে উত্তাল পৰিৱেশৰ সূচনা কৰিব পাৰে ৷