প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ নাদিন এ’পেজক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসম গৌৰৱ লাভলীনা বৰগোঁহাইৰ।
টকিঅ’ অলিম্পিকত বক্সিঙৰ ৬৯ কিলোগ্ৰাম শাখাত এ’পেজক ৩-২ গ’লত পৰাস্ত কৰি লাভলীনাই এই অগ্ৰগতি লাভ কৰিছে।
২০১২ চনত প্ৰথমবাৰৰ বাবে বক্সিঙৰ ক্ষেত্ৰখনত ভৰি দিয়া লাভলীনাই পূৰ্বে মাৰ্চিয়েল আৰ্ট খেলি সেই সময়ত অসমৰ সোণাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল। ২০১১ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ লৈ (ছাই) নিৰ্বাচিত হোৱা লাভলীনাই ২০১২ চনতহে প্ৰথমবাৰৰ বাবে বক্সিঙৰ ৰিঙত খোজ দিয়ে।
লাভলীনাই বক্সিঙতো নিজৰ প্ৰতিভাৰ পৰিচয় দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত ভাগ লোৱাৰ লগতে ২০১৮ চনত এআইবিএ মহিলা বিশ্ব বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ, ২০১৯ ত এআইবিএ বিশ্ব মহিলা বক্সিঙত সোণৰ পদক লাভ কৰিছিল।
একেদৰে নতুন দিল্লীত অনুষ্ঠিত প্ৰথম ভাৰতীয় মুকলি আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক আৰু গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ভাৰতীয় মুকলি বক্সিং প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছিল।
অতি কম সময়ৰ ভিতৰত ভাৰতীয় খেল জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০২০ চনত তেঁওক অৰ্জুন বঁটাৰে বিভূষিত কৰিছিল। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ ৰূপে লাভলীনাৰ নাম ইতিহাসৰ পাতত খোদিত হৈ ৰ’ল।