উত্তৰ প্ৰদেশৰ নির্বাচনৰ প্ৰাকক্ষণত আজি শাসনাধিষ্ঠিত বিজেপিয়ে প্ৰকাশ কৰিছে নির্বাচনী ইস্তাহাৰ ৷ এই নির্বাচনী ইস্তাহাৰেৰে পুনৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিছে বিজেপিয়ে ৷ এইবাৰ জলসিঞ্চনৰ বাবে কৃষকক বিনামূলীয়া বিজুলীৰ লগতে প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যক চাকৰি অথবা স্ব-নিয়োজনৰ সুযোগ প্ৰদান কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ কৰিছে ।গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি মুকলি কৰা এই ইস্তাহাৰত উজ্জ্বলা যোজনা আঁচনিৰ অধীনত হোলী আৰু দেৱালীত এটাকৈ অর্থাৎ দুটা বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, ৬০ বছৰতকৈ অধিক বয়সৰ মহিলাৰ বাবে বিনামূলীয়া ৰাজহুৱা পৰিবহন আৰু মহিলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া দুচকীয়া বাহন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
শাসকীয় দলটোৱে দিয়া অন্যান্য প্ৰতিশ্ৰুতিসমূহ হৈছে – ৰাজ্যখনৰ জনমূৰি উপাৰ্জন দুগুণ কৰাৰ আৰু বিনিয়োগৰ ক্ষেত্ৰখনলৈ ১০ লাখ কোটি পর্যন্ত বৃদ্ধি ৷ দলটোৱে বিধৱাসকলৰ বাবে প্ৰতি মাহে পেঞ্চন ১,৫০০টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে ৷ এই ইস্তাহাৰ মুকলি কৰি শ্বাহে কয় “কেইদিনমান আগতে অখিলেশ যাদৱে আমাৰ ২০১৭ চনৰ সংকল্প পত্ৰ প্ৰদর্শন কৰি সুধিছিল যে আমি কেইটা প্ৰতিশ্ৰুতি পুৰন কৰিছো ? মই গৌৰৱেৰে ক’ব পাৰোঁ যে আমাৰ ২১২ টা প্ৰতিশ্ৰুতিৰ ৯২ শতাংশ পূৰণ কৰা হৈছে ৷ পাঁচ বছৰ আগতে উত্তৰ প্ৰদেশক সংঘাতপূর্ন ৰাজ্য হিচাপে গণ্য কৰা হৈছিল। বিশেষকৈ পশ্চিম উত্তৰ প্ৰদেশ আৰু অৱধ অঞ্চলত মাতৃ আৰু ভগ্নীসকল সুৰক্ষিত নাছিল।” ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব সাতটা পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ১০ মাৰ্চত ভোট গণনা কৰা হ’ব।