ভাৰত-ৱে্ষ্ট ইণ্ডিজৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলা দখল কৰিলে ভাৰতীয় ক্ৰিকেট দলে ৷ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে এই শৃংখলাত ভাল প্ৰদর্শন কৰিব বুলি সকলোৱে আশা কৰিছিল ৷ অন্ততঃ ২০১৯ বর্ষৰ পৰা শতক অর্জন কৰিবলৈ সক্ষম নোহোৱা বিৰাটে পুনৰ শতক অর্জন কৰিব বুলি ক্ৰিকেটপ্ৰেমীয়ে আশাৰে বাট চাই ৰৈছিল ৷ অনুৰাগীৰ এই আশা পুৰন কৰিব নোৱাৰিলেও শেহতীয়া চিৰিজত প্ৰাক্তন অধিনায়কজনে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ৷ গৃহভূমিত ১০০ সংখ্যক এদিনীয়া মেচ খেলা পঞ্চমজন ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িবলৈ তেওঁ সক্ষম হৈছে ৷ বুধবাৰে অনুষ্ঠিত দ্বিতীয় এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সময়ত ভাৰতৰ প্ৰাক্তন অধিনায়কজনে যুগান্তকাৰী এই সংখ্যাত উপনীত হয়।এই নতুন অভিলেখৰ জৰিয়তে শচীন তেণ্ডুলকাৰ আৰু এম এছ ধোনীৰ দৰে খেলুৱৈৰ সৈতে অভিজাত তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল কোহলি। বুধবাৰে অনুষ্ঠিত মেচত কোহলি ১৮ ৰাণত আউট হয় ৷ মাষ্টাৰ ব্লাষ্টাৰ তেণ্ডুলকাৰে ১৬৪ খন এদিনীয়া ঘৰুৱা মেচ খেলিছিল।এম এছ ধোনী এই তালিকাৰ দ্বিতীয় স্থানত আছে ৷ ভাৰতত ১২৭ খন এদিনীয়াত তেওঁ খেলাৰ সুযোগ লাভ কৰিছিল । তদুপৰি মহম্মদ আজহাৰুদ্দিনে ১১৩ খন অৰু যুৱৰাজ সিঙে ১০৮ খন মেচ খেলিছিল ৷