এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক টুইট যোগে পোনপটীয়া ভাৱে প্ৰশ্ন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাক ৷ আনহাতে নিজৰ টুইটাৰ একাউণ্টৰ পৰা এক টুইট যোগে তেওঁ কয় যে,ছিণ্ডিকেট সংস্কৃতিৰ বিৰোধিতা কৰা অসম বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দৰে স্পষ্টীকৰণ দিয়ক ৷ মুখ্যমন্ত্ৰীৰ স’তে আন বহুকেইজন ব্যক্তিয়ে নৈশ ভোজন গ্ৰহণ কৰি থকা এখন ফট’ টুইটাৰত আপলোড কৰি ,ফটোখনত আহাৰ গ্ৰহণ কৰি থকা এজন ব্যক্তিক ৰঙা ছিঁয়াহীৰে নিৰ্দিষ্ট কৰি দেখুৱাই তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰে যে ,কাৰ নিমন্ত্ৰণত ছুপাৰি মাফি্য়াই মুখ্যমন্ত্ৰীৰ টেবুল শুৱনি কৰি নৈশ আহাৰ গ্ৰহণ কৰিলে ?
বৰ্তমান সময়ত অসমৰ এক সবল নেতৃত্ব লুৰিন জ্যোতি গগৈৰ এই প্ৰশ্নৰ উত্তৰত কি উত্তৰ দিয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী গৰাকীয়ে সেয়া সময়ত লক্ষণীয় হ’ব ৷
ছিণ্ডিকেট সংস্কৃতিৰ বিৰোধিতা কৰা অসম বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দৰে স্পষ্টীকৰণ দিয়ক। কাৰ নিমন্ত্ৰণত ছুপাৰি মাফিয়াই মুখ্যমন্ত্ৰীৰ টেবুল শুৱনি কৰি নৈশ আহাৰ গ্ৰহণ কৰিলে? pic.twitter.com/Szemqw7AJy
— Lurinjyoti Gogoi (@lurinjtgogoi) February 10, 2022