কর্ণাটকত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানত শিক্ষার্থীক প্ৰৱেশত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হোৱা বিতর্কই এইবাৰ স্পর্শ কৰিছে উচ্চতম ন্যায়ালয়ৰ মজিয়া ৷ শিক্ষানুষ্ঠানত শিক্ষার্থীক ধর্মীয় পোছাক পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰি কর্ণাটক উচ্চ ন্যায়ালয়ে দিয়া অন্তৱর্তীকালীন নির্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰুজু হৈছেগোচৰ ৷ এজন শিক্ষার্থীয়ে এই গোচৰৰ জৰিয়তে কর্ণাটক উচ্চ ন্যায়ালয়ৰ অন্তৱর্তীকালীন নির্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ প্ৰার্থনা জনাইছে ৷
এই আবেদনৰ জৰিয়তে উচ্চ ন্যায়ালয়ে মুছলমান ছাত্ৰীক হিজাব পিন্ধিবলৈ নিদি তেওঁলোকৰ মৌলিক অধিকাৰ ভংগ কৰিছে বুলি অভিযোগ কৰা হৈছে ৷ ইফালে, বেংগালুৰু আৰক্ষী আয়ুক্ত কমল পন্তে অহা ২২ ফেব্ৰুৱাৰীলৈকে বেংগালুৰু চহৰৰ বিদ্যালয়, প্ৰাক-বিশ্ববিদ্যালয় ,মহাবিদ্যালয় অথবা অন্যান্য একে ধৰণৰ শিক্ষানুষ্ঠানৰ পৰা ২০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত যিকোনো ধৰণৰ সমাৱেশ, আন্দোলন বা প্ৰতিবাদৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে।
তদুপৰি কৰ্ণাটক চৰকাৰে বৃহস্পতিবাৰে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ পুনৰ খুলিবলৈ নিৰ্দেশ দিছে ৷ উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰন নকৰাকৈ ধর্মীয় পোছাক পৰিধান নকৰাকৈ শিক্ষার্থীসকলক শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি প্ৰদান কৰিছে ৷