প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ৷ ধাৰাবাহিকভাৱে মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে কে চি আৰ হিচাপে জনপ্ৰিয় মুখ্যমন্ত্ৰী ৷ এইবাৰ সমালোচনাতে আৱদ্ধ নাথাকি ক্ষমতাৰ গাদীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওফৰাই পেলাব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ শুকুৰবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে যদিহে এন ডি এ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে সমৰ্থন প্ৰদান কৰাত ব্যৰ্থ হয়, তেনেহ’লে প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাৰ পৰা ওফৰাই পেলোৱা হ’ব ৷
জাংগাওঁ জিলাৰ যশৱন্তপুৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি কেচিআৰে কয় যে প্ৰয়োজন হ’লে তেওঁ দিল্লীৰ দৰবাৰ ভাঙিবলৈ ৰাষ্ট্ৰীয় ৰাজনীতিত ভূমিকা পালন কৰিবলৈ সাজু। তেওঁ কয় “আপুনি আমাক ৰাষ্ট্ৰীয় আচঁনি প্ৰদান নকৰে ,আপুনি আমাক চিকিৎসা মহাবিদ্যালয় নিদিয়ে ৷ যদি আপুনি আমাক সমৰ্থন নকৰে আমাৰ কোনো সমস্যা নাই। আমি আপোনাক ক্ষমতাৰ পৰা আঁতৰাই পঠিয়াম আৰু এনে এখন চৰকাৰ আনিম যিখন চৰকাৰে আমাক সহায় কৰিব ৷”
তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰে যে এন ডি এ চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত বিদ্যুৎ সংস্কাৰ নীতি ৰাজ্য চৰকাৰে তেলেংগানাত কাৰ্যকৰী নকৰে। সভাখনত মুখ্যমন্ত্ৰীজনে লগতে কয় “ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰাৰ প্ৰয়োজন হ’লে নিশ্চিতভাৱে আমি আমাৰ দেশৰ বাবে যুঁজ দিয়া উচিত ৷ যদি আপোনালোকে মোক আশীৰ্বাদ দিয়ে মই দিল্লীৰ দৰবাৰ ভাঙিবলৈ সাজু । সাৱধান হওঁক নৰেন্দ্ৰ মোদী। কোনেও আপোনাৰ ভাবুকিক ভয় নকৰে ৷ “ প্ৰধানমন্ত্ৰী মোদীৰ “কৃষকৰ উপাৰ্জন দুগুণ কৰা” শ্ল’গানক সমালোচনা কৰি কে চি আৰে কয় যে কৃষকসকলৰ বাবে ইন্ধন আৰু সাৰৰ মূল্যহে দুগুণ কৰা হৈছে। আনহাতে, বিজেপি কৰ্মীয়ে জংগনত টি আৰ এছ কেডাৰক আক্ৰমণ কৰা সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ গেৰুৱা দলটোক সতৰ্ক কৰি দিয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোনোবাই তেওঁৰ দলৰ লোকসকলক স্পৰ্শ কৰিলে তেওঁলোকক ধ্বংস কৰি দিব ৷