ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ ৰ প্ৰথম দিনটোৰ নিলামতে বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত বিক্ৰী হ’ল শ্ৰেয়াছ আয়াৰ ৷ কলকাতা নাইট ৰাইডার্ছে ১২.২৫ কোটি টকাত ক্ৰয় কৰে ক্ৰিকেটাৰ গৰাকীক ৷ তদুপৰি শিখৰ ধাৱান আৰু কাগিচো ৰাবাডা ক্ৰমান্বয়ে ৮.২৫ কোটি টকা আৰু ৯.২৫ কোটি টকাত পাঞ্জাৱ কিংছে ক্ৰয় কৰে ৷ হৰ্ষল পেটেলক ১০.৭৫ কোটি টকাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ক্ৰয় কৰে ৷ ডেভিদ ৱাৰ্ণাৰ আৰু মহম্মদ ছামীৰ দৰে তাৰকা ক্ৰিকেটাৰক ক্ৰয় কৰে ক্ৰমে দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছে ৷ আনহাতে ফাফ ডু প্লেচিছক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) ৭ কোটি টকাত ক্ৰয় কৰিছিল। হৰ্ষল পেটেলক ১০.৭৫ কোটি টকাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰত ক্ৰয় কৰিছে ৷ উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ ৰ প্ৰথম দিনটোৰ নিলাম অব্যাহত থকাৰ সময়তে নিলামকাৰী হিউ এডমিডছৰ আকস্মিক ভাৱে অসুস্থ হৈ বাগৰি পৰাত সাময়িকভাৱে বন্ধ ৰখা হয় নিলাম ৷ এইবাৰ দুটা নতুন দলে গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছে নিলামত অংগ্ৰহন কৰিছে ৷
কোন তাৰকাই কিমান লাভ কৰিলে মূল্যঃ
- ভাৰতৰ অলৰাউণ্ডাৰ দীপক হুদাক লক্ষ্ণৌ চুপাৰ জায়াণ্টছে ৫.৭৫ কোটি টকাত ক্ৰয় কৰে ৷
- ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেচন হোল্ডাৰ আধাৰ মূল্য আছিল ১.৫ কোটি ৷ তেওঁক লক্ষ্ণৌ চুপাৰ জায়াণ্টছক ৮.৭৫ টকাত বিক্ৰী কৰা হৈছে ৷
- নীতিশ ৰাণাক কলকাতা নাইট ৰাইডাৰ্ছক ৮ কোটি টকাত পুনৰ ক্ৰয় কৰিছে ৷
- ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰে ডুৱেইন ব্ৰেভোক চেন্নাই চুপাৰ কিংছে (চিএছকে)৪.৪০ কোটি টকাত পুনৰ ক্ৰয় কৰে।
- অপেনাৰ দেৱদত্ত পাৰিক্কালক ৰাজস্থান ৰয়েলছে ৭.৭৫ কোটি টকাত ক্ৰয় কৰে ৷
- গুজৰাট টাইটানছে ইংলেণ্ডৰ বেটচমেন জেচন ৰয়ক তেওঁৰ ২ কোটি টকাৰ আধাৰ মূল্যৰ বাবে ক্ৰয় কৰিছে ৷
- চেন্নাই চুপাৰ কিংছে ৰবীন উথাপ্পাক তেওঁৰ আধাৰ মূল্যত ২ কোটি টকাত লাভ কৰিছে ৷
- অষ্ট্ৰেলিয়াৰ অপেনাৰ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰাক্তন অধিনায়ক ডেভিদ ৱাৰ্ণাৰক দিল্লী কেপিটেলছে ৬.২৫ কোটি টকাত ক্ৰয় কৰিছে ৷ তেওঁৰ আধাৰ মূল্য আছিল ২ কোটি টকা।