উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছে ৷ ইয়াৰ মাজতে পৰৱর্তী পর্যায়ৰ সমষ্টিসমূহৰ নির্বাচনৰ প্ৰাকক্ষণত তুংগত উঠিছে প্ৰচাৰ অভিযান ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ ইয়াৰ মাজতে আজি পুনৰ কংগ্ৰেছক আক্ৰমনৰ লক্ষ্য কৰি ল’লে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ বিশেষকৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে দুই ভাতৃ-ভগ্নীয়ে ধংস কৰিব কংগ্ৰেছ ৷ সংবাদমাধ্যমৰ আগত তেওঁ কয় “মই উত্তৰাখণ্ডলৈ নির্বাচনৰ প্ৰচাৰলৈ গৈ কৈছিলো যে কংগ্ৰেছক নাইকিয়া কৰাৰ বাবে আন কোনেও একো কৰাৰ প্ৰয়োজন নাই ৷ দুই ভাতৃ-ভগ্নীয়ে নিজেই সেই কাম কৰিব। মই ৰাইজক আহ্বান জনাইছো যে কংগ্ৰেছক উত্তৰাখণ্ডৰ জনসাধাৰণৰ ওপৰত বোজা হ’বলৈ নিদিব ৷“ ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত প্ৰচাৰ চলাই আদিত্যনাথে কয় ” কংগ্ৰছ দলটোৰ যি সামান্য অস্তিত্ব আছে সেয়াও দুই ভাতৃ -ভগ্নীয়ে অধিক অৱনমিত কৰিব । সেয়েহে দলটোক ইয়াৰ ভাগ্যৰ ওপৰত এৰি দিয়া উচিত।”ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীৰ প্ৰার্থীত্বক লৈ ৰাহুল আৰু প্ৰিয়ংকাৰ মাজত সংঘর্ষৰ সুত্ৰপাত ঘটিছে বুলি আদিত্যনাথে অভিযোগ কৰিছিল ৷ অৱশ্যে এই অভিযোগ নস্যাৎ কৰি প্ৰিয়ংকাই কয় ” যোগীৰ মনতহে সংঘাটৰ কথা আছে ৷ যাৰ বাবে বিজেপিত আদিত্যনাথ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত দুৰত্ব বৃদ্ধি পাইছে ৷ মই মোৰ ভাতৃৰ বাবে মোৰ জীৱন দিব পাৰো।“উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷