জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে পুনৰ দলটোৰ মজিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ অহা ‘জি-২৩’ গোটৰ নেতাসকলে দীর্ঘদিন নিৰৱ হৈ আছিল যদিও কুমাৰৰ পদত্যাগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কংগ্ৰেছৰ বাবে পুনৰ আত্মসমালোচনাৰ সময় আহি পৰিছে বুলি মতপোষণ কৰিছে একাংশ জ্যেষ্ঠ নেতাই ৷ দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে দল ত্যাগ কৰা সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এজনৰ পাছত আন এজন নেতাই দল ত্যাগ কৰাটো গভীৰ শংকাৰ কাৰণ ৷ সংবাদ মাধ্যমৰ আগত আজাদে কয় “নেতাৰ পিছত নেতাই দল ত্যাগ কৰাটো অত্যন্ত চিন্তনীয় বিষয়। মই ভাবো অশ্বিনী কুমাৰ চতুৰ্থ বা পঞ্চম প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যিয়ে দল এৰি গৈছে ৷ ইয়াৰ উপৰিও সমগ্ৰ দেশৰ বিভিন্ন পৰ্যায়ৰ বৃহৎ সংখ্যক নেতা আৰু কৰ্মীয়ে দল ত্যাগ কৰিছে ৷” কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য আৰু ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি আজাদে কয় যে নেতাসকলে এনেদৰে দল ত্যাগ কৰা বিষয়টো কংগ্ৰেছে যথেষ্ট আত্মপর্যলোচনা কৰাৰ প্ৰয়োজন আছে। এই নেতাসকলে কোনো ব্যক্তি, বা কোনো দলৰ নিৰ্দেশত পদত্যাগ কৰা বুলি কোৱাটো উচিত নহয়। দলটোৰ ভিতৰত কিছু অস্থিৰতা থাকিব লাগিব যাৰ বাবে কংগ্ৰেছ নেতাসকলকো অস্বস্তিত পেলাই আহিছে ৷
ৰাজ্যসভাৰ কংগ্ৰেছৰ উপ দলপতি আনন্দ শৰ্মা আৰু লোকসভাৰ সাংসদ মনীষ তিৱাৰীয়ে কয় যে দলটোৱে এক গুৰুত্বপূৰ্ণ আৰু আন্তৰিক আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক কেইবাজনো নেতাই প্ৰকাশ কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফল দলটোৰ পক্ষত লাভ নকৰে তেন্তে ১০ মাৰ্চৰ পিছত দলত বিদ্ৰোহৰ সৃষ্টি হ’লে আচৰিত হ’বলগীয়া একো নাথাকিব ৷ তিৱাৰী আৰু বিবেক তাংখাই প্ৰাক্তন মন্ত্ৰী কুমাৰৰ প্ৰস্থানক “দুখজনক” আৰু “দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰিছে৷ হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই টুইট কৰি কয়, ” অশ্বনী কুমাৰে কংগ্ৰেছ এৰি যোৱাৰ খবৰ দুখজনক আৰু দুৰ্ভাগ্যজনক। তেওঁ এজন পুৰণি বন্ধু আৰু এজন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সদস্য ।”