ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে ৷ ঋষি সুনক বৰ্তমান বৃটেইনৰ বিত্ত মন্ত্ৰী ৷ ২০১৫চনত প্ৰথমবাৰলৈ ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা ঋষিয়ে ব্ৰেক্সিট বিতৰ্কৰ সময়ত ৰাজনীতিৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷ ইউৰোপিয়ান ইউনিয়নৰ পৰা ব্ৰিটেইনক বাহিৰলৈ অনাত প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নীতিক সমৰ্থন কৰিছিল ঋষিয়ে৷ সম্প্ৰতি বৃটেইনৰ কনজাৰভেটিভ দলে জনছনক পদত্জাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে আৰু সে্যেহে পৰৱৰ্তী প্ৰধান মন্ত্ৰী হিচাপে উচ্চাৰিত হৈছে ঋষিৰ নাম ৷
ঋষি সুনকৰ জন্ম বৃটেইনৰ হাম্পশ্বায়াৰত যদিও তেওঁৰ পিতৃ-মাতৃ পঞ্জাৱৰ