বিশিষ্ট উদ্যোগপতি, টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন নভল টাটাক বুধবাৰে ৰাজ্যৰ সর্বোচ্চ সণ্মান অসম বৈভৱৰে সন্মানিত কৰা হয় ৷ মুম্বাইৰ কোলৱাত থকা তাজ ৱেলিংটন মেউছত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এই বটাঁত আছে এখন প্ৰশংসাপত্ৰ,এটা পদক আৰু নগদ ৫ লাখ টকা ৷ অসমৰ কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত টাটা ট্ৰাষ্টে আগবঢ়োৱা সেৱাৰ বাবে এই সন্মানেৰে তেওঁক সন্মানিত কৰা হয় ৷ যোৱা ২৪ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল যদিও টাটা উপস্থিত থাকিব পৰা নাছিল ৷ যাৰ বাবে মুম্বাইলৈ গৈ তেওঁক এই বটাঁ প্ৰদান কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰা হৈছিল ৷ বটাঁ গ্ৰহণ কৰি বিশিষ্ট উদ্যোগপতি গৰাকীয়ে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তেওঁ কয় যে অসমৰ সেউজ পৰিৱেশ আৰু সহজ- সৰল জীৱন-যাত্ৰাই তেওঁক সদায় আকর্ষণ কৰি আহিছে ৷ আগলৈয়ো ৰাজ্যৰ সেৱা আগবঢ়াই যাব বুলি তেঁও আশ্বাস প্ৰদান কৰে ৷ ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় যে টাটাৰ সমাজৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু অনৱদ্য সেৱাৰ বাবে দেশৰ লগতে ৰাজ্যলৈয়ো সমৃদ্ধি আহিছে ৷ ব্যৱসায়ক কিদৰে সেৱালৈ ৰূপান্তৰ কৰিব পৰা যায় সেয়া ৰতন টাটাৰ জীৱন আৰু কর্মৰাজীয়েই যথেষ্ট বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ইপিনে,মুম্বাই ভ্ৰমণৰ সময়তে কোকিলকণ্ঠী লতা মংগেশকাৰলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ মুম্বাইৰ প্ৰভূকুঞ্জত উপস্থিত হৈ লতা মংগেশকাৰৰ প্ৰতিছব্বিত মাল্যার্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কোকিলকণ্ঠী গৰাকীৰ পৰিয়ালৰ সৈতেও তেওঁ মত বিনিময় কৰে তেওঁ ৷