ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পৌৰ সভাৰ নির্বাচনক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ পৌৰ সভাৰ বিভিন্ন পদবীৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰার্থীসকলে আৰম্ভ কৰিছে নির্বাচনী প্ৰচাৰ ৷ প্ৰথমবাৰৰ বাবে ই ভি এমত অনুষ্ঠিত হ’বলগীয়া এই নির্বাচনৰ বাবে ৱার্ডে ৱার্ডে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ কোনোবাই যদি বিশুদ্ধ খোৱা পানী যোগানৰ আশ্বাস দিছে, আন কোনোবাই আকৌ কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে ৷ বহুতে নাচি-বাগিয়েই ভোটাৰৰ মন জয়ৰ চেষ্টা চলাইছিল ৷ অৱশ্যে প্ৰত্যাশিত ভাৱেই পৌৰ সভা নির্বাচনত অগ্ৰগতি লাভ কৰিছে শাসনাধিষ্ঠিত বিজেপিয়ে ৷ ৰাজ্যৰ মুঠ ৯৭৭ তা ৱার্ডৰ ভিতৰত ৬০ তা ৱার্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে বিজেপিয়ে ৷ এক টুইট যোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ তেওঁ কয় -‘আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। ৯৭৭টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ ৮৮৩গৰাকী আৰু আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ ৯২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই কথা জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে আমি উত্তৰ গুৱাহাটী আৰু চতিয়াৰ পৌৰসভাকে ধৰি ৬০টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ।‘