এসময়ত বলিউড ইণ্ড্ৰাষ্ট্ৰিত নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে খলকনি তোলা মোহময়ী অভিনেত্ৰী জিন্নত আমান আৰু পদ্মিনী কোলহাপুৰীয়ে যদিও বহুদিন ধৰি নিজকে এই জগতৰ পৰা আতৰাই ৰাখিছিল তথাপি আজিও অনুৰাগী সকলে দুয়োগৰাকীকে আগৰ দৰেই ভাল পায় ৷ অৱশ্যে পদ্মিনী কোলহাপুৰীক দুই এখন ছবিত মাজে মাজে দেখা গৈছিল যদিও নিজকে এই জগতৰ পৰা সম্পূৰ্ণ নিলগাই ৰাখিছিল অভিনেত্ৰী জিন্নত আমানে ৷ কিন্তু শেহতীয়াকৈ অহা খবৰ অনুসৰি এইবাৰ অনুৰাগী সকলে অতি শীঘ্ৰেই দেখিবলৈ পাব দুয়োগৰাকীকে এটি শ্ব’ত ৷ ভাৰতৰ বিখ্যাৎ সংগীতজ্ঞ লক্ষ্মীকান্ত প্যাৰেলালৰ স’তে এইবাৰ দুই চলচিত্ৰ তাৰকাই অনুষ্ঠান পৰিবেশন কৰিব আমেৰিকাৰ ১০খন চহৰত ৷
জানিবপৰামতে পদ্মিনী কোলহাপুৰীয়ে এইবাৰ মঞ্চত গীত পৰিবেশন কৰাৰ বিপৰীতে জিন্নতে তেওঁৰ আকৰ্ষণীয় অভিনয়েৰে পুনৰ মুহিবলৈ সাজু হৈছে দৰ্শকক ৷
ইয়াৰ পূৰ্বে ১৯৮০ চনত বি আৰ চোপ্ৰাৰ ছবি ‘ইন্সাফ কা তৰাজু’ত দুই গৰাকী বলিউড তাৰকাক একেলগে দেখা পাইছিল তেওঁলোকৰ গুণমুগ্ধই ৷ আনহাতে পদ্মিনীক শেহতীয়াকৈ ২০২০চনত মুক্তি পোৱা ‘প্ৰৱাস’নামৰ এখন মাৰাঠী ছবিত দৰ্শকে দেখা পাইছিল যদিও জিন্নত আমানক শেষৰ বাৰৰ বাবে চলচিত্ৰ প্ৰেমীয়ে দেখা পাইছিল ১৯৮৯চনত মুক্তি লাভ কৰা ‘গৱাহী’ নামৰ ছবিখনৰ যোগেদি ৷
এইবাৰ দুই মোহময়ী অভিনেত্ৰীৰ উপস্থিতিত এই শ্ব’টোৱে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী নিৰ্মাতা সকল ৷