২০২২ বৰ্ষৰ ২ এপ্ৰিলত তৰুণ ৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৩৩ সংখ্যক মিষ্টাৰ শৰাইঘাট আৰ জি বৰুৱা মেম’ৰিয়েল অল ইণ্ডিয়া ক্লাছিক বডী বিল্ডিং চেম্পিয়নশ্বিপ । এই দেহশ্ৰী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শীৰ্ষ পৰ্যায়ৰ বডী বিল্ডাৰ সকলে ৷
কেৱল এটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মুঠ নগদ পুৰস্কাৰ হ’ল ৫,৮৫,০০০ টকা ।২০২২বৰ্ষৰ মিষ্টাৰ শৰাইঘাট খিতাপ বিজয়ীয়ে লাভ কৰিব ১,৫০,০০০টকা আনহাতে প্ৰথম ৰাণাৰ্ছ আপৰ বাবে ১,০০,০০০ টকা আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ বাবে থাকিব ৮০,০০,০০০ টকা। লগতে প্ৰতিযোগিতাৰ শীৰ্ষ দহজন শ্ৰেষ্ঠ প্ৰতিযোগীকো প্ৰদান কৰা হ’ব নগদ পুৰস্কাৰ ৷
ইফালে সমসাময়িক ভাৱে অনুষ্ঠিত হ’ব চতুৰ্থ মিষ্টাৰ শৰাইঘাট অসম বডী বিল্ডিং চেম্পিয়নশ্বিপ ৷ মিষ্টাৰ শৰাইঘাটৰ ‘মিষ্টাৰ অসমে’ লাভ কৰিব ৩০,০০০ টকাৰ নগদ পুৰষ্কাৰ ।
আনহাতে অসম বডী বিল্ডাৰছ এণ্ড ফিটনেছ এছ’চিয়েশ্যনৰ অধীনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ আয়োজক শৰাইঘাট জিমে মহিলাসকলৰ বাবে ‘মিছ শৰাইঘাট ওইমেন স্পৰ্টছ মডেল ফিজিক চেম্পিয়নশ্বিপ’ অনুষ্ঠিত কৰিব আৰু পঞ্চম স্থানৰ বিজয়ীলৈকে নগদ পুৰস্কাৰ প্ৰদান কৰিব। প্ৰতিযোগিতা খনিত মিছ শৰাইঘাটে লাভ কৰিব ৩০,০০০ টকাৰ নগদ পুৰস্কাৰ আনহাতে দ্বিতীয় আৰু তৃতীয় বিজয়ীয়ে লাভ কৰিব ক্ৰমে ২০,০০০ আৰু ১০,০০০ টকাৰ নগদ পুৰষ্কাৰ।