অভিনেতা সঞ্জয় কাপুৰ আৰু ‘ফেবুলাছ লাইভ্চ অৱ বলিউড ৱাইভছ’ খ্যাত তাৰকা মহিপ কাপুৰৰ জীয়ৰী শানায়া কাপুৰে মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব লগীয়া শশাংক খৈতান পৰিচালিত ‘বেধৰক’ চলচ্চিত্ৰখনৰ নিৰ্মাণৰ বাবে সাজু হৈছে নিৰ্মাতা সকল ৷ ছবিখনৰ প্ৰযোজনা কৰণ জোহৰৰ । সামাজিক মাধ্যমত মোহময়ী শানায়াৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰি কৰণ জোহাৰে লিখিছিল: “বেধৰক’ত ‘নিম্ৰিত’ৰ চৰিত্ৰত এইয়া মোহময়ী অভিনেত্ৰী শানায়া কাপুৰ ৷তেওঁৰ মনোমোহা, শক্তিশালী অভিনয় চাবলৈ মই আৰু অপেক্ষা কৰিব নোৱাৰো।”
আনহাতে শানায়াই ছবিখন সম্পৰ্কত তেওঁৰ অনুভৱ ব্যক্ত কৰি কৈছে যে “মই ‘বেধৰক’ৰ এই ধৰ্মা পৰিয়ালত যোগদান কৰি মই অত্যন্ত কৃতজ্ঞ আৰু সুখী , প্ৰতিভাবান শশাংক খৈতানৰ দ্বাৰা পৰিচালিত সুন্দৰ ছবিখনৰ এই যাত্ৰা আৰম্ভ কৰিবলৈ মই আৰু অপেক্ষা কৰিব নোৱাৰোঁ, মোক আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন।”
চলচ্চিত্ৰখনৰ প্ৰযোজক কৰণ জোহৰে সহ-অভিনেতা লক্ষ্য আৰু গুৰফতেহ সিং পীৰজাদাৰ সৈতে শানায়াৰ এখন ফটোও শ্বেয়াৰ কৰি শিৰোনাম দিছিল: “এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ আবেগ, অনুভূতিৰ উৰ্ধত অপৰিসীম প্ৰেমৰ এক নতুন যুগ ,‘বেধৰক’। অভিনয়ৰ ক্ষেত্ৰত ধৰ্ম পৰিয়ালত এইবাৰ আমাৰ শেহতীয়া সংযোজন – লক্ষ্য, শানায়া কাপুৰ আৰু গুৰফতেহ সিং পীৰজাদা! পৰিচালনা ব্যতিক্ৰমী পৰিচালক শশাংক খৈতানৰ ।”
ছবিখনৰ পৰা লক্ষ্যৰ প্ৰথম ৰূপটো টুইটাৰত শ্বেয়াৰ কৰি কৰণ জোহৰে লিখিছিল: “মহান পৰিচালক শশাংক খৈতানে পৰিচালনা কৰা ছবিখনৰ ‘লক্ষ’ৰ এই ৰূপে যেন আপোনাকো তেওঁৰ হাঁহিৰ দৰেই সহজে গলাই দিব ৷ লক্ষ্যক ‘বেধৰকত’ কৰণ হিচাপে উপস্থাপন কৰা হৈছে ।”