যুদ্ধবিধ্বস্ত ইউক্ৰেইনত সাধাৰণ লোকৰ লগতে এতিয়া পলে পলে বিপদৰ সন্মুখীন হৈছে জীৱ-জন্তুসমূহ ৷ বিশেষকৈ দেশখনত ৰাছিয়াই কৰা বোমাবর্ষণৰ ফলত বনাঞ্চলসমূত থকা জীৱ-জন্তসমূহৰ প্ৰাণলৈ ভাবুকি আহিছে ৷ অৱশ্যে সাধাৰণ লোকসকলৰ লগতে জীৱ-জন্তুসমূহক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷
পোলেণ্ডৰ এজন বন বিষয়াই সদৰী কৰা মতে বৃহস্পতিবাৰে কিয়েভৰ পূৱ প্ৰান্তৰ এখন অভয়াৰণ্য পৰা ছয়টা সিংহ, ছয়টা বাঘ, দুটা বনৰীয়া মেকুৰী আৰু এটা আফ্ৰিকান বনৰীয়া কুকুৰ পোলেণ্ডলৈ সুৰক্ষিত ভাৱে লৈ অনা হৈছে ৷ এখন ট্রাকৰ জৰিয়তে পোলেণ্ডলৈ এই জীৱ-জন্তুসমূহ আনিবলৈ দুদিন সময়ৰ প্ৰয়োজন হয় ৷ অভয়াৰণ্যৰ স্বত্বাধিকাৰীয়ে পশ্চিম পোলেণ্ডৰ পোজনান চিৰিয়াখানাৰ পৰা জীৱ-জন্তুসমূহ উদ্ধাৰৰ বাবে সহায় বিচাৰিছিল ৷
পোজনান চিৰিয়াখানাৰ মুখপাত্ৰ মালগৰ্জাতা চাডিলাই কয়-“জিটোমিৰ আৰু অন্যান্য বোমাবর্ষণ হৈ থকা অঞ্চলসমূহ পৰা আঁতৰি অন্য পথ ল’বলগীয়া হোৱাৰ বাবে দুৰত্ব বৃদ্ধি পাইছিল ৷ । ৰাস্তা-ঘাট অত্যন্ত বেয়া হোৱাৰ বাবে বহু সময়ত পুনৰ ওভতি আহিবলগীয়া হৈছিল ৷ যাৰ বাবে পোলেণ্ড পোৱাৰ বাবে দুদিনৰ প্ৰয়োজন হৈছিল ৷ জীৱ-জন্তুসমূহ সুৰক্ষিত স্থানলৈ অনাৰ প্ৰথম প্ৰচেষ্টা বিফল হৈছিল ৷ কিয়নো ৰাছিয়াৰ টেংকৰ সন্মুখীন হৈছিল ট্ৰাকখন ৷’ দীঘলীয়া যাত্ৰাৰ বাবে এটি ১৭ বছৰীয়া মাইকী বাঘ ভাগৰুৱা হৈ পৰাত চিৰিয়াখানা লোকসকল চিন্তিত হৈ পৰে ৷ পজনানত জীৱ-জন্তুকেইটাক জিৰণি দিয়াৰ পিছত বেলজিয়ামৰ এখন অভয়াৰণ্যত এৰি দিয়া হ’ব ৷