উত্তৰ প্ৰদেশৰ বিধানসভাৰ অন্তিম পর্যায়ৰ ভোটগ্ৰহণৰ পূর্বে শাসনাধিষ্ঠিত বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ দলটোৰ শীর্ষ নেতাসকলে ৰাজ্যখনত বাহৰ পাতি দিনে-নিশাই প্ৰচাৰ চলাই আহিছে ৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত বাহৰ পাতি অহা ৭ মার্চত অনুষ্ঠিত হ’বলগীয়া অন্তিম পর্যায়ৰ ভোটগ্ৰহনৰ পূর্বে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ নিজে প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টি বাৰাণসীত মেগা ৰেলীৰ লগতে মন্দিৰ দর্শন , চাই পে চর্চাৰ জৰিয়তেও ভোটাৰৰ মন আকর্ষণৰ চেষ্টা চলাই ৷ কালি নির্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকস্মিকভাৱে পৰিদৰ্শন কৰে বাৰাণসী কাণ্ট ৰেল ষ্টেচন। প্ৰধানমন্ত্ৰীয়ে এই ৰে’ল ষ্টেচনত যাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ৰেলষ্টেচনটোৰ দোকানীসকলৰ সৈতে ব্যৱসায় সন্দর্ভত বিভিন্ন কথা পাতে ৷ ইপিনে কালি দিনৰ ভাগত মোদীয়ে মেগা ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে কাশী বিশ্বনাথ মন্দিৰ দর্শন কৰা ৷ য’ত তেওঁ ভক্তসকলৰ সৈতে ডম্বৰু বজোৱা পৰিলক্ষিত হয় ৷ মেগা ৰেলীৰ পাছত কাণ্ট ৰেল ষ্টেচন পৰিদর্শনৰ সময়ত এখন চাহৰ দোকানত মাটিৰ কাপত মোদীয়ে গ্ৰহণ কৰে চাহ ৷ চাহ দোকানীসকলৰ সৈতে তেওঁ মত বিনিময় কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বাৰাণসীত মেগা ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ সময়তো এখন চাহ দোকানত চাহ খাইছিল ৷ তেওঁৰ ৰোড শ্ব’টো কেণ্টনমেণ্ট, বাৰাণসী উত্তৰ আৰু বাৰাণসী দক্ষিণৰ তিনিটা বিধানসভা সমষ্টি সামৰি লোৱা হৈছিল। প্ৰধানমন্ত্ৰীৰ উপৰৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও বাৰানসীত প্ৰচাৰ চলাইছিল ৷
আন ৰাজনৈতিক হেভিৱেট নেতাসকলেও শুকুৰবাৰে বাৰাণসীত উপস্থিত হৈছে । সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে সন্ধিয়া এটা ৰোড শ্ব’ অনুষ্ঠিত কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে জিলাখনত এক ৰেলী অনুষ্ঠিত কৰে। আজি প্ৰচাৰ অভিযান সামৰি দিল্লীলৈ ওভতিব মোদী ৷