কেইদিনমান আগতে, শ্বাহৰুখ খানে তেওঁৰ নৱনিৰ্মিত চলচ্চিত্ৰ ‘পাঠান’ৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। অভিনেতাজনে ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শন কৰা হ’ব বুলি জনাইছিল অনুৰাগী সকলক । এছ আৰ কেৰ অনুৰাগীসকল চিনেমাখনৰ বাবে সেয়েহে অতি উৎসাহিত হৈ আছে কিয়নো তেওঁলোকে চাৰি বছৰৰ ব্যৱধানৰ পিছত তেওঁক দেখিবলৈ পাব ডাঙৰ পৰ্দাত । ‘পাঠান’ৰ দৃশ্যগ্ৰহণ স্পেইনত কৰা হ’ব আৰু সেইবাবেই ছবি খনৰ নিৰ্মাণৰ এই বিষয়টো যোৱা কেইমাহমান ধৰি চৰ্চিত হৈ আছিল। স্পেইন যাত্ৰাৰ সময়সূচী যোৱা বছৰ অক্টোবৰত হোৱাৰ কথা আছিল যদিও পিছুৱাই দিয়া হৈছিল। অৱশ্যে অৱশেষত এছআৰকে, দীপিকা পাডুকন আৰু জন আব্ৰাহাম ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে আজি স্পেইনলৈ ৰাওনা হৈছে।
আজি ৰাতিপুৱা স্পেইনলৈ ৰাওনা হোৱাৰ সময়ত শ্বাহৰুখ খানক বিমানবন্দৰত দেখা পাইছিল তেওঁৰ অনুৰাগী সকলে ৷ অভিনেতাজনৰ ব্যক্তিত্ব তেওঁৰ অনুৰাগীসকলে ভাল পায়। এজন অনুৰাগীয়ে তেওঁৰ বিষয়ে মন্তব্য কৰি কৈছিল, “তেওঁ প্ৰকৃত বাদশ্বাহ”৷
আনহাতে দীপিকা পাডুকনকো দেখা গৈছিল আজি বিমানবন্দৰত । অভিনেত্ৰীগৰাকীক ন বছৰৰ ব্যৱধানৰ পিছত এইবাৰ ডাঙৰ পৰ্দাত শ্বাহৰুখ খানৰ সৈতে দেখা পোৱা যাব ।দীপিকাই আনন্দেৰে পাপাৰাজ্জিৰ বাবে পোজ দিছিল আৰু তেওঁৰ হাঁহিটোৱে নিশ্চিতভাৱে তেওঁৰ অনুৰাগীসকলক সুখী কৰিছিল ৷ কিয়নো অভিনেত্ৰীগৰাকীয়ে নিশ্চিতভাৱে জানে কেনেকৈ সকলোৰে মনোযোগ আকৰ্ষণ কৰিব লাগে ৷
খবৰ অনুসৰি জন আব্ৰাহমে ছবিখনত বিৰোধীৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰথমবাৰৰ বাবে এছআৰকে আৰু জনক ডাঙৰ পৰ্দাত একেলগে দেখা পাব এইবাৰ দৰ্শক সকলে ৷
স্পেইনলৈ ৰাওনা হোৱাৰ সময়ত বিমানবন্দৰত জনৰ ফট’ও ক্লিক কৰা হৈছিল। অভিনেতাজনৰ সৈতে দেখা পোৱা গৈছিল তেওঁৰ পত্নী প্ৰিয়া ৰুঞ্চলক।