ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা ৰাছিয়াৰ বিৰুদ্ধে কেইবাখনো দেশে আৰোপ কৰিছে বিভিন্ন নিষেধাজ্ঞা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই দেশসমূহকো আন এক সকীয়নি প্ৰদান কৰিছে ৰাছিয়াই ৷ পশ্চিমীয়া দেশসমূহে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ যিকোনো সময়তে ধ্বংস হ’ব পাৰে বুলি সকীয়াই দিছে ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ মুৰব্বীয়ে ৷ সেয়েহে তেওঁ শনিবাৰে সতৰ্ক কৰি দিয়াৰ লগতে শাস্তিমূলক ব্যৱস্থা সমূহ উঠাই ল’বলৈ আহ্বান জনায়।
দিমিত্রি ৰোগোজিনৰ মতে এই নিষেধাজ্ঞাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সেৱা আগবঢ়োৱা ৰাছিয়াৰ প্ৰযুক্তিসমূহৰ কাৰ্যকলাপ বিঘ্নিত কৰিব পাৰে। ফলস্বৰূপে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কক্ষপথ সংশোধন কৰাত সহায় কৰা ষ্টেচনৰ ৰাছিয়ান খণ্ড প্ৰভাৱিত হ’ব পাৰে ৷ যাৰ ফলত ৫০০ টন ওজনৰ গাঁথনি সাগৰত বা ভূমিত খহি পৰিব পাৰে ৷