মানৱ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰ হ’ল ভাষা। সৃষ্টিৰ আদিতে মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে মানুহৰ মুখত ভাষা নাছিল , তেওঁলোকে অঙ্গি- ভঙ্গিৰে মনৰ ভাৱ ব্যক্ত কৰিছিল। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে ভাষাৰ সৃষ্টি হ’ল। লাহে লাহে হৃদয়ৰ লগত হৃদয়ৰ সংযোগ স্থাপনৰ মাধ্যম হিচাপে ভাষা ব্যৱহাৰ হ’বলৈ ধৰিলে।
লিখিত সাহিত্য সৃষ্টি হোৱাৰ আগৰে পৰাই মৌখিক সাহিত্যৰ প্ৰচলন আছিল। মৌখিক সাহিত্যৰ অন্তৰ্গত লোক সাহিত্য । লোক-সাহিত্যৰ অন্তৰ্ভুক্ত প্ৰবচন আৰু ফকৰা -যোজনা সমূহৰ স্থান বিশেষভাবে উল্লেখযোগ্য।ফকৰা-যোজনা আৰু প্ৰবচন বোৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি , বিভিন্ন সময়ত প্ৰচলিত জীৱনচৰ্যা আৰু আদৰ্শবাদ , জাতিৰ মনস্তত্ত্ব , আচাৰ -ব্যৱহাৰ আৰু বহু ক্ষেত্ৰত সমালোচনাও পোৱা যায়। এই প্ৰবচন – প্ৰবাদ বাক্যবোৰ হৈছে -‘দহৰ জ্ঞান একৰ বাণী’। চুটি চুটি বাক্যত একোটি সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্ৰকাশ কৰিব পৰা অদ্ভুত শক্তি লক্ষ্য কৰা যায়। বক্তাৰ কথা কোৱাৰ চমৎকাৰিত্ব , বুদ্ধিদীপ্ততা , পৰ্যবেক্ষণ শক্তি আৰু সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ ফকৰা -যোজনা সমূহে বহন কৰে।
লোক-সাহিত্য যিহেতু মুখে মুখে প্ৰচলিত সেইবাবে তাৰ ভাষাও লোকভাষা। অসমীয়াত প্ৰচলিত প্ৰবচন সমূহ সাধুকথাৰ প্ৰসংগ , ঐতিহাসিক , ৰামায়ণ , মহাভাৰত , পুৰাণ আদিৰ প্ৰসংগ আৰু অধিক সংখ্যক প্ৰবচন মানুহৰ সমাজ জীৱনৰ পৰা আহৰণ কৰা অভিজ্ঞতা।
সাধুকথাৰ প্ৰসংগ ঃ
‘বুঢ়াৰ কথা নুশুনা ডেকা
টানত পৰি কিয় কেকা ?’
ঐতিহাসিক ঃ
‘ ঘৈনিয়ে ভাঙিলে কাঁহী
থলে মিচিকিয়াই হাঁহি।
বেটিয়ে ভাঙিলে কটৰা ,
গড়গাওঁ পালেগৈ বতৰা।’
ৰামায়ণ আৰু মহাভাৰত ঃ
‘ নামতহে দুৰ্যোধন
শকুনিহে ৰজা।’
বিবিধ বিষয়ক ঃ
আইৰ সমান হ’ব কোন,
নৈৰ সমান বব কোন।’ ইত্যাদি।
গোৱালপৰীয়া লোক সমাজত পুৰণি কালৰে পৰাই লোক সাহিত্য প্ৰচলিত হৈ আহিছিল আৰু লোক-সাহিত্যত অসমীয়া সমাজ অতি চহকী। গোৱালপৰীয়া লোক জীৱনত ফকৰা-যোজনাই বিশেষ প্ৰভাৱ পেলাই আহিছে। মানুহৰ জীৱনত প্ৰত্যেকটো স্তৰতে ফকৰা -যোজনাৰ গুৰুত্ব অপৰিসীম। উদাহৰণ স্বৰূপে-
বিপদ কেতিয়াও কাৰো জীৱনত কৈ মেলি নাহে। বিপদ মানুহৰ মাজত হঠাতে উপস্থিত হয়। চিন্তা কৰি চলিলেও কেতিয়াবা বিপদে লগ এৰা নিদিয়ে। এই ফকৰাটোত তাকেই বুজাইছে-
‘ যেটাই বাঘেৰ ভয়
সেটাই ৰাতি হয়।’
নাৰী জাতিৰ লগত সংগতি ৰাখি আমাৰ সমাজত মাক হিচাপে ছোৱালী হয় তাকে বুজাবলৈ প্ৰচলিত ফকৰা হ’ল-
‘ মাও যদি ভাল হয়
বেটি কি হাড়ীত খায়।’
‘ মাও গুণে ছাও
সেই কইনাক জুৰিবাৰ যাওঁ।’
জীৱনত সদায় আমি কপাল বা ভাগ্যক দোষ দি থাকোঁ।আমি হাত সাবটি বহি থাকো আৰু কপালক দোষ আৰোপ কৰোঁ।তাকে বুজাবলৈ-
‘ কপালত নাই ঘি
টোক টোকাইলে হ’ব কি ?’
সমাজত এনে কিছুমান মানুহ থাকে যিবোৰ কামৰ ক্ষেত্ৰত নানা ধৰণৰ অজুহাত দেখুৱাই কামৰ পৰা হাত সাৰিব বিচাৰে । তেনে মানুহক উদ্যেশ্য কৰি কয়-
‘ হাগুৰি পাইছে ছল
হাগিয়া পেটাইছে মাছাৰ তল।’
” মছলাৰ মাওঁ পিয়াজিৰ ফাও
পিয়াজ পিয়াজ গোন্ধায় গাও।”
সমাজত এনে কিছুমান লোক আছে যাৰ লাজ – মান একোৱেই নাই। সৎ সঙ্গইও তেওঁলোকৰ স্বভাৱৰ পৰিৱৰ্তন আনিব নোৱাৰে। ফকৰাৰ যোগেদি এনেদৰে উল্লেখ কৰে-
‘ নিলাজীক যতই কাটে
নিলাজী আঢ়ৈ হাত বাঢ়ে।’
লোক সমাজত প্ৰচলিত ফকৰা যোজনাবোৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মানুহৰ জীৱনৰ প্ৰত্যেকটো দিশ ফকৰা -যোজনাৰ জৰিয়তে প্ৰস্ফুটিত হৈ উঠে। আমাৰ এই আপুৰুগীয়া সম্পদবোৰ সময়ৰ সোঁতত হেৰাই যাব নিদি উদ্ধাৰ আৰু সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে। এই লোক – সাহিত্যবোৰ জীয়াই থাকিলেহে আমাৰ সমাজ জীয়াই থাকিব। জীয়াই থাকিব আমাৰ সাহিত্য , জীয়াই থাকিব সংস্কৃতি।