যি সময়ত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড নিম্নগামী হোৱাৰ বাবে এচাম অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ বাধ্য হৈছে ঠিক তেনে সময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ ডিমৌৰ এখন চৰকাৰী বিদ্যালয়ে ৷ য’ত পুৱা ৬ বজাৰ পৰা পৰা বিদ্যালয়ত নাম ভৰ্তিৰ প-পত্ৰৰ বাবে অভিভাৱকে পাতিছে দীঘলীয়া শাৰী ৷
ডিমৌ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌ জনতা পথস্থিত ৭৬৩নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়ত নতুন শিক্ষা বৰ্ষৰ নামভৰ্তিৰ বাবে অভিভাৱক সকলে লগাইছে হেতা ওপৰা ৷ উক্ত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ব্যতিক্ৰম চিন্তাৰে শিশু সকলক মানৱ সম্পদ হিচাপে গঢ়াৰ বাবে কৰা অভূতপূৰ্ব প্ৰচেষ্টাৰ বাবেই অভিভাৱক সকলে নিজৰ সন্তানক বিদ্যালয় খনত নাম ভৰাতি কৰোৱাৰ বাবে অধিক আগ্ৰহী হৈ পৰিছে ৷ আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলেও নতুন নতুন চিন্তাৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰী সকলক শণিবৰীয়া চ’ৰাত সংগীত চৰ্চা,খেলা-ধূলা ,কলা সংস্কৃতি আদিত জড়িত কৰাই বিভিন্ন দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰি শিক্ষা প্ৰতিষ্ঠানখনে ৷ আনহাতে প্ৰতি বছৰে বিদ্যালয় খনৰ ৮০/৯০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰি আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি সমূহ ৷ তদুপৰি বিদ্যালয়ৰ চৌদিশ পৰিষ্কাৰ কৰি পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লৈছে বিদ্যালয়খনে ৷ অৱশ্যে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ গুণগত শিক্ষাৰ মান উন্নত কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বিদ্যালয় খনৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবে বহুখিনি শিক্ষা স্থবিৰ হৈ পৰিছে ৷ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰী সকলো সা-সুবিধা উপলব্ধ হোৱাৰ লগতে ডিজিটেল শ্ৰেণী কক্ষৰ সুবিধা থকা ১৯৫৮ চনত স্থাপিত হোৱা ডিমৌৰ এই চৰকাৰী খণ্ডৰ বিদ্যালয়খনে গুণগত শিক্ষা প্ৰদানৰ জৰিয়তে ব্যতিক্ৰম ৰূপত আত্ম প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ৷ যি বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ বাবে যেন এক ভাবুকি হৈ পৰিছে ৷