ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই এপেষক অতিক্ৰম কৰিলে ৷ ৰাছিয়াৰ সেনাবাহিনীয়ে ইউক্ৰেইনৰ এখনৰ পাছত আন এখন চহৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ ৰাছিয়াই কৰা আক্ৰমনক বাৰম্বাৰ সমালোচনা কৰি আহিছে আমেৰিকাই ৷ ইতিমধ্যে ৰাছিয়াৰ সীমান্তলৈ আমেৰিকাই প্ৰেৰণ কৰিছে ১২ হেজাৰ সৈন্য ৷ এই কথা প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি লাটভিয়া, এষ্টোনিয়া, লিথুৱানিয়া আৰু ৰোমানিয়া আদি স্থানত বাহৰ পাতিছে ৷ একে সময়তে ইউক্ৰেইনৰ বিৰুদ্ধে চলোৱা যুদ্ধত ব্লাডিমিৰ পুটিনক কেতিয়াও বিজয়ী হ’বলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিছে বিডেনে ৷
শুকুৰবাৰে হাউচ ডেমক্ৰেটিক কচাচৰ সদস্যসকলক সম্বোধন কৰি বিডেনে কয় “ইউক্ৰেইনত আমি তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰা নাই ৷ আমি নাটো অঞ্চলৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিম” ৷ উত্তৰ আটলান্টিক চুক্তি সংস্থা (নাটো) হৈছে ৩০ খন উত্তৰ আমেৰিকান আৰু ইউৰোপীয় ৰাষ্ট্ৰৰ এটা গোট ৷ নাটোৰ মতে, ইয়াৰ উদ্দেশ্য হৈছে ৰাজনৈতিক আৰু সামৰিক উপায়েৰে ইয়াৰ সদস্যসকলৰ স্বাধীনতা আৰু নিৰাপত্তাৰ নিশ্চিত কৰা ৷
বিডেনে লগতে কয় যে ইউক্ৰেইনৰ জনসাধাৰণে ৰাছিয়াৰ সামৰিক আক্ৰমণৰ সন্মুখীন হৈ উল্লেখনীয় সাহসিকতা আৰু সাহস প্ৰদৰ্শন কৰিছে ৷ কিন্তু আমেৰিকাই প্ৰদান কৰা নিৰাপত্তা সহায় তেওঁলোকৰ প্ৰতিৰক্ষাত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় –‘ যিহেতু আমি ইউক্ৰেইনক সমৰ্থন আগবঢ়াইছো, আমি ইউৰোপত আমাৰ মিত্ৰশক্তিৰ সৈতে একেলগে থিয় হৈ থাকিম আৰু এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিম যে আমি এক ঐক্যবদ্ধ ভাৱে নাটো অঞ্চলৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিম ৷ “