পাকিস্তানত খাদ্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধি তথা অর্থনৈতিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ বাবে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ অর্থনৈতিক ক্ষেত্ৰৰ বিকাশৰ হাৰ নিম্নগামী হোৱাৰ বাবে সংসদত ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ বিৰোধীক ওভতি ধৰি ইমৰাণ খানে কয় যে আলু- বিলাহীৰ দাম পৰীক্ষা নির্ধাৰণ কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰী হোৱা নাই ৷
পঞ্জাৱ প্ৰদেশৰ হাফিজাবাদ চহৰত এক ৰাজনৈতিক সমদলক সম্বোধন কৰি খানে কয় যে আইন প্ৰণেতাসকলৰ বিবেক ক্ৰয় কৰি তেওঁৰ চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰা শক্তিৰ বিৰুদ্ধে তেঁও থিয় দিব। খানে লগতে কয় যে তেওঁৰ কাৰ্যকালতে পাকিস্তান এখন মহান দেশলৈ ৰূপান্তৰিত হ’ব ৷ চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ ফলাফল শীঘ্ৰে জনসাধাৰণে লাভ কৰিব। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা নেতাগৰাকীয়ে কয় যে ২৫ বছৰ আগতে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ বাবে ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল ৷এনে কৰাৰ পৰা তেওঁৰ কোনো ব্যক্তিগত লাভ নাই ৷ কিয়নো তেওঁ জীৱনত এজন ব্যক্তিয়ে সপোন দেখা সকলো ইতিমধ্যে লাভ কৰিছে ৷
শাসকীয় পাকিস্তান তেহরিক-ই-ইনচাফ দলৰ অধ্যক্ষ খানে কয়-“মই আলু আৰু বিলাহীৰ মূল্য জানিবলৈ ৰাজনীতিত যোগদান কৰা নাছিলো। মই দেশৰ যুৱপ্ৰজন্মৰ বাবে ৰাজনীতিলৈ আহিছিলো ৷ যদি আমি এখন মহান ৰাষ্ট্ৰ হ’ব বিচাৰো, আমি সত্যক সমৰ্থন কৰিব লাগিব ৷ যোৱা ২৫ বছৰ ধৰি মই এইটোৱেই প্ৰচাৰ কৰি আহিছো।”
উল্লেখ্য যে বিৰোধী দলসমূহৰ নেতাসকলে সোমবাৰে নেচনেল এচেম্বলীৰ বিৰোধী দলৰ নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন)ৰ সভাপতি শ্বেহবাজ শ্বৰীফৰ বাসগৃহত বৈঠকত মিলিত হ’ব যাতে খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সফল কৰাৰ বাবে এক কাৰ্যকৰী ৰণনীতি প্ৰস্তুত কৰিব পাৰে ৷ ৩৪২ জনীয়া নেচনেল এচেম্বলীত, প্ৰধানমন্ত্ৰীক অপসাৰণ কৰিবলৈ বিৰোধীক ২৭২ টা ভোটৰ প্ৰয়োজন হ’ব ।৬৯ বছৰীয়া প্ৰধানমন্ত্ৰী খান ২০১৮ চনত ক্ষমতালৈ আহিছিল আৰু পৰৱৰ্তী সাধাৰণ নিৰ্বাচন ২০২৩ চনত অনুষ্ঠিত হ’ব।