ক’লা কচু বন জাতীয় উদ্ভিদ।পাতৰ ঠাৰি দীঘল।ঠাৰিৰ পৰা ৰস ওলায়।
ইংৰাজী নাম ঃ Cocoyam
বৈজ্ঞানিক নাম ঃ Cocoasiaesculenta (Linn) Schoot
ক’লা কচু খাবলৈ বৰ সোৱাদময়। মাছেৰে বিশেষকৈ ইলিছ মাছৰ মূৰেৰে ক’লা কচুৰ তুলনা নাই।কচু সিজাই লোৱা পানী খিনি পেলাই কচু ৰান্ধিব লাগে। নিৰামিষ ভোজী সকলে কচুত বুট দি ধুনীয়া সোৱাদ লগাকৈ ৰান্ধি খায়। ক’লা কচুৰ পাত , ঠাৰি , থুৰি আৰু শিপা খাদ্য হিচাপে আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়।
১) পাত আৰু ঠাৰিত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে কাৰণে ইয়াক সিদ্ধ কৰি খালে ৰক্তহীনতা ৰোগীয়ে আৰোগ্য লাভ কৰে।
২) ক’লা কচুৰ ঠাৰিত আয়োডিন পোৱা যায়।
৩) কটা -ছিঙাৰ পৰা ওলোৱা তেজ বন্ধ কৰিবলৈ আৰু বীজানু নাশ কৰিবৰ বাবে ক’লা কচুৰ ঠাৰিৰ আঠা ব্যৱহাৰ কৰা হয়।
৪) কচুৰ থুৰি আৰু পাত পাতত দি খালে গৰল ৰোগ প্ৰতিৰোধ হয়।
৫) গৰ্ভৱতী মাতৃয়ে ক’লা কচু খালে গৰ্ভৰ শিশুৰ বিকাশ আৰু বুদ্ধিদীপ্ত হয়।
৬) ক’লা কচুৱে কুকুৰীকণা প্ৰতিৰোধ কৰিব পাৰে আৰু আচিনা নাশ কৰে।
৭) টনচিলাইটিছ ৰোগত ক’লা কচু উপকাৰী।
৮) গৰ্ভৱতী আৰু প্ৰসূতি ৰোগ বিশেষকৈ গা বিষ আৰু ৰক্তহীনতাত অতি উপকাৰী।