অহা ১৬ মাৰ্চৰ পৰা দেশৰ ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ৷ আজি এই কথা সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ তদুপৰি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ নাথাকিলেও এতিয়াৰ পৰা ৬০ বছৰ উর্ধৰ সকলো লোককে প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ ৷ পূর্বে ফ্ৰন্টলাইন ৱর্কাৰৰ উপৰি কেবল গুৰুতৰ ৰোগত আক্ৰান্ত ৬০ বছৰৰ অধিক বয়সৰ লোকসকলকহে এই বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে ৷ এক বিজ্ঞপ্তিত স্বাস্থ্য মন্ত্ৰালয়ে কয়-“কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে যথাযথ আলোচনাৰ পিছত ১২-১৪ বছৰ বয়সৰ শিশুসকলক ক’ভিড টীকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।“ হায়দৰাবাদৰ বায়’লজিকেল ইভান্সৰ দ্বাৰা নিৰ্মিত কৰ্বেভেক্স শিশুসকলক প্ৰদান কৰা হ’ব ৷