ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আন এক সোণালী অধ্যায়ৰ সূচনা হ’ল মণিপুৰত ৷ উত্তৰ পূর্বাঞ্চলৰ অন্যতম ৰাজ্যখনৰ নোনি জিলাৰ নৱনিৰ্মিত খোংচাং ৰে’ল ষ্টেচনলৈ চলিল প্ৰথমখন যাত্ৰীবাহী ৰে’লৰ ইঞ্জিন ৷ যাত্ৰীবাহী ৰে’ল চলাচলৰ বাবে পৰীক্ষণৰ অংশ হিচাপে সোমবাৰে খোংচাং ৰে’ল ষ্টেচনলৈ চলোৱা হয় এই ইঞ্জিন ৷ দুমাহ আগতে প্ৰথম মালবাহী ৰে’ল পাহাৰীয়া চহৰখনলৈ চলোৱা হৈছিল ৷ ।উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য অভিযন্তা সন্দীপ শৰ্মাৰ নেতৃত্বত বিষয়াসকলে জিৰিবামৰ পৰা ৰাণী গাইডিনলিউ (কাইমাই) আৰু থিংগু ৰে’ল ষ্টেচন হৈ প্ৰায় ৬২ কিলোমিটাৰ অতিক্ৰম কৰি খোংচাং লৈ ইঞ্জিনটো চলাই নিয়ে ৷ এই উপলক্ষে স্থানীয় মহিলাসকলে থিংগু আৰু খোংচাঙত ৰংমেই জনজাতিৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি ৰে’ল কতৃপক্ষক আদৰণি জনায় ৷ । এক টুইটযোগে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়- “ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আন আন এটা মাইলৰ খুঁটি স্থাপন হ’ল ৷ আজি খোংচাং ৰে’ল ষ্টেচনলৈ ৰে’লৰ ইঞ্জিন চলোৱা বুলি জনাবলৈ পাই আনন্দিত হৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত মণিপুৰত যোগাযোগ উন্নত কৰাৰ বাবে প্ৰদান কৰা উৎসাহে ৰাজ্যখনৰ অৰ্থনীতিক যথেষ্ট উন্নত কৰিব।”
প্ৰায় ১৪,৩২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১১১ কিলোমিটাৰ ইম্ফল-জিৰিবাম ৰে’লপথটো অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷ । মণিপুৰৰ পাঁচখন জিলাক সামৰি ইয়াত ১১ টা ষ্টেচন থাকিব। প্ৰকল্পটোৱে ইম্ফলক দেশৰ ব্ৰড গজ নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। পাহাৰীয়া অঞ্চলক সংযোগ কৰাৰ লগতে প্ৰায় ৬৩ কিলোমিটাৰ সুৰংগ পথ অন্তৰ্ভুক্ত আছে এই ৰে’লপথত৷ আটাইতকৈ দীঘল সুৰংগ পথৰ দৈর্ঘ্য হৈছে ১০.২৮ কিলোমিটাৰ।
প্ৰকল্পটোৰ অংশ হিচাপে ননিৰ খুমজীৰ ওচৰত পৃথিৱীৰ সৰ্বোচ্চ দলঙৰ খুঁটা নিৰ্মাণ কৰা হৈছে। ১৪১ মিটাৰ ওখ দলংখনে মণ্টেনগ্ৰোৰ ১৩৯ মিটাৰ ওখ মালা-ৰিজেকা ভায়াডাক্টৰ অভিলেখ ভংগ কৰিব ৷