VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দ্যা কাশ্মীৰ ফাইলছ

শোণিত কুমাৰ গোস্বামী by শোণিত কুমাৰ গোস্বামী
March 16, 2022
in অভিমত
দ্যা কাশ্মীৰ ফাইলছ
0
SHARES
83
VIEWS
Share on FacebookShare on Twitter

চিনেমা হৈছে গণমাধ্যমৰ সহজ মাধ্যম। হাজাৰ হাজাৰ শব্দ মানুহক পঢ়োৱাৰ বাবে যিধৰণৰ কৌশলৰ প্ৰয়োজন হয় সেয়া সহজ কথা নহয়; কিন্তু ছবি, কথা আৰু সংগীতৰ উন্নত মিশ্ৰণৰে যিধৰণে এখন চিনেমা নিৰ্মাণ কৰা হয় সেই গণমাধ্যমে সকলোকে মোহিত তথা অনুপ্ৰেৰণা দিবলৈ সফল হয়। সেয়েহে বিশ্বত কিতাপৰ লগতে চিনেমাৰ জনপ্ৰিয়তা আছে। ৰামাৰণ আৰু মহাভাৰত যিমান মানুহে পঢ়া নাই তাতোকৈ অধিক মানুহে ৰামায়ণ আৰু মহাভাৰত টিভিত চাইছে। গতিকে চিনেমা এক শক্তিশালী দৃশ্য-শ্ৰাব্য গণমাধ্যম। শেহতীয়াকৈ মুক্ত পোৱা এখন ছবিয়ে খলকনি তুলিছে। এই ছবিখনে কাশ্মীৰ উপত্যাকাৰ পৰা বিতাড়িত হিন্দু পণ্ডিত সম্প্ৰদায়ৰ কথা বৰ্ণনা কৰিছে। ছবিৰ কথাখিনি/কাহিনীত ৰাজনীতিকে ৰাজনীতি কৰাৰ উপাদান পাইছে বাবেই ছবিখনে এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰাৰ লগতে বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত আৰু জি ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ নাম দ্যা কাশ্মীৰ ফাইলছ।

নব্বৈৰ দশকত অসমত আলফা সমস্যা তুংগত থকাৰ দৰে কাশ্মীৰ উপত্যাকতো সন্ত্ৰাসবাদৰ সমস্যা তুংগত আছিল। সেই সময়ৰ কেন্দ্ৰ চৰকাৰৰ অমনোযোগিতা বুলিয়েই কওক বা ৰাজনীতিৰ কুটিল পাকচক্ৰ বুলিয়েই কওক, কাশ্মীৰৰ লগতে দেশৰ একাধিক প্ৰান্তত সন্ত্ৰাসবাদীৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছিল। ভাৰতীয় অখণ্ডতাক অস্বীকাৰ কৰি বিচ্ছিন্নতাবাদী মনোভাৱ গঢ় লৈ উঠিছিল। সেই সময়ত মানে ৮০ৰ শেষৰ ফালৰ পৰা নব্বৈৰ দশকটোৰ শেষলৈ কাশ্মীৰত ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ বৃদ্ধি পাইছিল। কাশ্মীৰ উপত্যকাত বৃদ্ধি পোৱা কাশ্মীৰ মুক্তি আন্দোলন তথা সীমান্তৰ সীপাৰৰ পৰা পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদী কাৰ্যকলাপে ধৰ্মীয় আগ্ৰাসনৰ সৃষ্টি কৰিছিল। বিশেষত ইছলাম ধৰ্মালম্বীলোকৰ সংখ্যাগৰিষ্ঠতা থকা কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বা জনতাৰ সমৰ্থনে হিন্দু সংখ্যালঘিষ্ঠক ভয়াৰ্ত কৰি তুলিছিল (ৰাখিছে)। কাশ্মীৰত বসবাস কৰি থকা হিন্দু পণ্ডিত সম্প্ৰদায়ৰ লোকসকলক স্বাভাৱিকভাৱেই কাশ্মীৰত টাৰ্গেট কৰি লোৱা হৈছিল। আৰু ইয়াৰ অংশ স্বৰূপে ইছলাম মৌলবী তথা সন্ত্ৰাসবাদীৰ সহায়ত নেতৃস্থানীয় লোকে হিন্দু পণ্ডিতক সোনকালেই কাশ্মীৰ উপত্যকা এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছিল। ১৯৮৯-১৯৯৫ৰ ভিতৰত এই কাশ্মীৰি পণ্ডিতসকলে বাধ্য হৈ(মৃত্যু ভয়ত) নিজৰ ঘৰ-বাৰী এৰি জম্মুলৈ তথা দিল্লী বা অন্য ঠাইলৈ পলায়ন কৰিছিল। এনে নহয় যে সেয়া শান্তিপূৰ্ণ পলায়ন আছিল। অভিযোগ অনুসৰি ১৯৯০ৰ পৰা ২০১১ চনটোলৈ সন্ত্ৰাসবাদীৰ দ্বাৰা কাশ্মীৰি পণ্ডিত সম্প্ৰদায়ৰ ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। কাশ্মীৰি পণ্ডিতৰ দুৰ্ভাগ্যৰ কথাটো ভাৰতীয় গণতন্ত্ৰৰ এক অন্যতম ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰৈছে।

১১ মাৰ্চ তাৰিখে মুক্তি পোৱা দ্যা কাশ্মীৰ ফাইলছ ছবিখন ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা গুৰুত্বপূৰ্ণ কিয়নো এই ছবিখনে এটা সম্প্ৰদায়ৰ বিড়ম্বনা আৰু অন্য এটা সম্প্ৰদায়ৰ আগ্ৰাসনৰ বৰ্ণনা কৰিছে। আৰু এই বিষয়টোক ৰাজনৈতিক দলবোৰে নিজৰ ধৰণে পৰ্যালোচনা কৰিছে। এটা ভুক্তভোগী পৰিয়ালৰ কাহিনীক চলচিত্ৰৰ ৰূপত অভিনয় শিল্পীৰ জৰিয়তে চিত্ৰায়ন কৰা দ্যা কাশ্মীৰ ফাইলছ ছবিখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰাৰ পাছত সমগ্ৰ দেশৰ বিজেপি শাসিত ৰাজ্যত স্বয়ং মুখ্যমন্ত্ৰীসকলে এই ছবি চাবলৈ সকলোকে আহ্বান জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যৰ কৰ্মচাৰীসকলক এই চিনেমা চাবলৈ আহ্বান জনাইছে।

জনপ্ৰিয় গণমাধ্যম চিনেমাই সমাজক প্ৰভাৱিত কৰি আহিছে। দ্যা কাশ্মীৰ ফাইলছৰ জনপ্ৰিয়তাৰ বাবে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দীৰ্ঘসময়ৰৰ পূৰ্বৰ পৰাই টুইটাৰ বা অন্য সামাজিক মাধ্যমবোৰত চিনেমাখনৰ বিষয় সন্দৰ্ভত আলোচনা চক্ৰ জাতীয় বৈঠক অনুষ্ঠিত কৰি এই সম্পৰ্কত চৰ্চা চলাই নিছিল। তাৰ ফলত এই ছবিয়ে সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। অসমৰ প্ৰেক্ষাপটতো এনে একাধিক ফাইলছ আছে, যিবোৰ আমাৰ চলচিত্ৰ উদ্যোগৰ লোকে চিন্তা কৰি চাব পাৰে।

Previous Post

ভাৰতত আজি ১০ গ্ৰাম সোণৰ মূল্য কিমান জানোঁ আহক

Next Post

আন এক মাইলৰ খুঁটিঃ মণিপুৰলৈ চলিল যাত্ৰীবাহী ৰে’লৰ প্ৰথম ইঞ্জিন

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
Next Post
আন এক মাইলৰ খুঁটিঃ মণিপুৰলৈ চলিল যাত্ৰীবাহী ৰে’লৰ প্ৰথম ইঞ্জিন

আন এক মাইলৰ খুঁটিঃ মণিপুৰলৈ চলিল যাত্ৰীবাহী ৰে’লৰ প্ৰথম ইঞ্জিন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7