ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক অৰ্জুন বঁটা আৰু পদ্মশ্ৰী বঁটাৰে সন্মানিত তাৰকা খেলুৱৈ বাইচুং ভূটীয়া অৱসৰ বিনোদনৰ বাবে পত্নী-সন্তান সহ উপস্থিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ কাজিৰঙাৰ সেউজীয়া শোভা দেখি মুগ্ধ হৈছে খেলুৱৈগৰাকী আৰু তেওঁৰ পৰিয়াল ৷ খেলুৱৈ গৰাকীয়ে এইবাৰ পৰিয়ালৰ সৈতে অৱসৰ বিনোদনৰ বাবে বাচি লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷পত্নী মাধুৰী টিপনিছ ভূটীয়াৰ লগতে পুত্ৰ ,কন্যাৰ সৈতে কাজৰঙাৰ সেউজীয়াৰ মাজত অৱসৰৰ আনন্দ উপভোগ কৰিছে পৰিয়ালটোৱে ৷ ১৪মাৰ্চত ক’লকাতাৰ পৰা আহি যোৰহাট বিমান বন্দৰত উপস্থিত হোৱা তাৰকা খেলুৱৈ গৰাকী আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰিছে নুমলিগড় তেল শোধনাগাৰ আৰু অইল কৰ্তৃপক্ষই ৷ ১৫ মাৰ্চত তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যান খনত হাতী ছাফাৰী কৰে আৰু ১৬ মাৰ্চত জীপ ছাফাৰী কৰি উপভোগ কৰে কাজিৰঙাৰ সেউজ শোভা ৷ ‘কাজিৰঙা সঁচাকৈয়ে মনোমোহা ,একেবাৰে ওচৰৰ পৰা গঁড়,হাতী,হৰিণা দেখি অভিভূত হৈ পৰিছোঁ’ বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে তাৰকা ফুটবলাৰ গৰাকীয়ে ৷