পি এইচ ডি পাঠ্যক্ৰমত নামভর্ত্তিৰ ক্ষেত্ৰত শীঘ্ৰে সাল-সলনি ঘটিব যোগ্যতাৰ ৷ এইক্ষেত্ৰত বিভিন্ন সংশোধনী আনিছে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-এ ৷ প্ৰস্তাৱিত সংশোধিত নিয়ম অনুসৰি, নিম্নতম ৭.৫ চিজিপিএ সহ চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষার্থীসকলেও পিএইচডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব ৷ তদুপৰি ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট) অথবা জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ (নেট-জেআৰএফ) যোগ্যতা থকা শিক্ষার্থীৰ বাবে উপলব্ধ আসনৰ ভিতৰত ৬০ শতাংশ সংৰক্ষণ কৰাৰো প্ৰস্তাৱ দিছে ৷ খচৰা ইউজিচি (পিএইচডি ডিগ্ৰী প্ৰদানৰ বাবে নিম্নতম মানদণ্ড আৰু প্ৰক্ৰিয়া) নিয়মাৱলী, ২০২২ যোৱা ১০ মাৰ্চত অনুষ্ঠিত আয়োগৰ ৫৫৬ তম বৈঠকত অনুমোদিত হৈছিল। খচৰাৰ নিয়মাৱলী শীঘ্ৰে ৰাজহুৱা পৰামৰ্শৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে ৷
শেহতীয়া সিদ্ধান্ত অনুসৰি নামভৰ্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰা নহ’ব ৷ যিহেতু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এম ফিল ডিগ্ৰী বন্ধ কৰা হ’ব আৰু চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী নতুনকৈ প্ৰৱৰ্তন কৰা হ’ব সেয়েহে যোগ্যতাৰ ক্ষেত্ৰত নীতি-নিয়ম সংশোধন কৰা হৈছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে একাধিক বিকল্পৰ সৈতে ৪ বছৰীয়া স্নাতক ডিগ্ৰী আৰম্ভ কৰিব। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে এই বছৰৰ পৰাই এই কাৰ্যসূচীসমূহ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত, শিক্ষাৰ্থীসকলে গৱেষণা স্নাতক ডিগ্ৰী লাভ কৰিব।
নতুন প্ৰস্তাৱিত নিয়ম অনুসৰি, ন্যুনতম ৭.৫ চি জি পি এ সহ গৱেষণাৰ সৈতে চাৰি বছৰীয়া স্নাতক ডিগ্ৰী থকা শিক্ষার্থীসকলে প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ সৈতে (চাৰি বছৰীয়া কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত) পিএইচডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্য হ’ব।ইউ জি চিৰ অধ্যক্ষ জগদেশ কুমাৰে কয়, “চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণে লাভজনক হ’ব । যিসকল শিক্ষার্থী গৱেষণাত আগ্ৰহী তেওঁলোকে অন্তিম বছৰত বহুমুখী গৱেষণা কৰিব পাৰিব ৷ যিসকলে ৪ বছৰীয়া স্নাতক কাৰ্যসূচীত ভাল প্ৰদৰ্শন কৰে তেওঁলোকে পিএইচডি কাৰ্যসূচীত যোগদান কৰিবলৈ যোগ্য হ’ব। মই বিশ্বাস কৰোঁ যে ই আমাৰ দেশৰ গৱেষণাৰ ক্ষেত্ৰখনৰ পৰিৱেশ সলনি কৰিব।”