ইউক্ৰেইনৰ ভিন্ন প্ৰান্তত আক্ৰমণ অব্যাহত ৰাখিছে ৰুচ সেনাবাহিনীয়ে ৷ ৰাছিয়ান সৈন্যৰ আক্ৰমণত নিহত হৈছে ইউক্ৰেইনৰ অভিনেত্ৰী ওকছানা ভেটছ ৷ কিয়েভৰ এটা আৱাসিক ভৱনত ৰাছিয়াই চলোৱা ৰকেট আক্ৰমণত ইউক্ৰেইনৰ অভিনেত্ৰী গৰাকী নিহত হৈছে।ওকছানাৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে তেওঁ জড়িত হৈ থকা ইয়ং থিয়েটাৰে ৷ মৃত্যুৰ সময়ত ওকছানাৰ বয়স আছিল ৬৭বছৰ। তেওঁক ইউক্ৰেইনৰ সৰ্বোচ্চ শৈল্পিক সন্মানসমূহৰ অন্যতম ‘ইউক্ৰেইনৰ সন্মানিত শিল্পী’ সন্মানেৰে সন্মানিত কৰা হৈছিল ৷ ওকছানাৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১০ ফেব্ৰুৱাৰীত । তেওঁ ইভান ফ্ৰেঙ্কো থিয়েটাৰ আৰু কিয়েভ ষ্টেট ইনষ্টিটিউট অৱ থিয়েটাৰ আৰ্টছৰ থিয়েটাৰ ষ্টুডিঅ’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।ইয়ং থিয়েটাৰৰ উপৰিও টাৰ্নোপিল মিউজিক এণ্ড ড্ৰামা থিয়েটাৰ আৰু কিয়েভ থিয়েটাৰ অফ ছেটেয়াৰত কাম কৰিছিল ওকছানাই ৷
উল্লেখ্য যে ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰে ৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে বিশেষ অভিযানটোৱে কেৱল ইউক্ৰেইনৰ সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ মতে, সংঘৰ্ষৰ আৰম্ভণিৰ পৰা ইউক্ৰেইনত প্ৰায় ৬০০ অসামৰিক লোক নিহত আৰু ১,০০০ ৰো অধিক লোক আহত হৈছে।