গুজৰাটৰ বিদ্যালয়সমূহত চলিত বর্ষৰ পৰা পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’ব ভগৱৎ গীতা ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিকোৱা হ’ব ভগৱৎ গীতা ৷ গুজৰাট চৰকাৰে বৃহস্পতিবাৰে বিধানসভাত এই কথা ঘোষণা কৰিছে ৷ শিক্ষা মন্ত্ৰী জিতু বাঘানীয়ে শিক্ষা বিভাগৰ বাবে বাজেট আৱণ্টনৰ ওপৰত হোৱা আলোচনাৰ সময়ত বিধান সভাত এই কথা ঘোষণা কৰে ৷
বিধানসভাৰ মজিয়াত তেওঁ কয় –“ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱর্তন কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আর্হিত ভগৱৎ গীতাত সন্নিবিষ্ট মূল্যবোধ আৰু নীতিসমূহ অন্তর্ভুক্ত কৰা হৈছে ৷ আধুনিক আৰু প্ৰাচীন সংস্কৃতি, পৰম্পৰা আৰু জ্ঞান প্ৰণালীৰ প্ৰৱৰ্তনৰ জৰিয়তে শিক্ষাৰ্থীসকলক ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে গৌৰৱ অনুভৱ কৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ “
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বাঘানীয়ে কয় যে সকলো ধৰ্মৰ মানুহে প্ৰাচীন হিন্দু শাস্ত্ৰত উল্লেখ কৰা নৈতিক মূল্যবোধ আৰু নীতিসমূহ গ্ৰহণ কৰিছে। সেয়েহে, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত ভগৱৎ গীতা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শাস্ত্ৰখন সামগ্ৰিক শিক্ষাৰ পাঠ্যপুথিত আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰথম ভাষাৰ পাঠ্যপুথিত অন্তভুর্ক্ত কৰা হ’ব ৷